অসমলৈ কেতিয়া আহিব মৌচুমী ? জানক দেশৰ কোন প্ৰান্তত বাৰিষাৰ আগমন কেতিয়া - Monsoon Forecast in India
Monsoon Forecast in India : গৰমে দহিছে সমগ্ৰ দেশ । যাৰ বাবে দেশবাসীয়ে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে বাৰিষাৰ আগমনলৈ । বাৰিষাৰ এজাক বৰষুণত দেহ-মন শাত পেলাবলৈ ব্যগ্ৰ হৈ পৰিছে জনসাধাৰণ । তাৰ মাজতে এক সু-খবৰ । নিকোবৰ দ্বীপপুঞ্জত মৌচুমী বায়ুৱে আঘাত কৰিছে আৰু বৰ্তমান ভাৰতত প্ৰৱেশ কৰিবলৈ গৈ আছে । অসমত কেতিয়া ঘটিব বাৰিষাৰ আগমন ? ৰাজ্য অনুসৰি বাৰিষাই কেতিয়া ক'ত প্ৰৱেশ কৰিব তাৰ পূৰ্বাভাষ দিছে বতৰ বিজ্ঞান বিভাগে ।

Published : May 24, 2024 at 6:29 PM IST
নিউজ ডেস্ক, ২৪ মে' : সমগ্ৰ দেশ বৰ্তমান গ্ৰীষ্মপ্ৰবাহত আক্ৰান্ত হৈ আছে । সেয়ে ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে জনসাধাৰণে এতিয়া বাৰিষাৰ বৰষুণৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । অৱশ্যে এইক্ষেত্ৰত শেহতীয়াকৈ এটা সুখৰ খবৰ আহিছে । দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে নিকোবৰ দ্বীপপুঞ্জত আঘাত কৰিছে । বতৰ বিজ্ঞান বিভাগৰ মতে, শীঘ্ৰেই দেশত বাৰিষাৰ আগমন ঘটিব । উল্লেখ্য যে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে ১৯-২১ মে'ৰ ভিতৰত নিকোবৰ দ্বীপপুঞ্জত প্ৰৱেশ কৰিছে । কিন্তু দেশৰ অন্য প্ৰান্তত কেতিয়ালৈ আগমন ঘটিব বাৰিষাৰ ? বতৰ বিজ্ঞান বিভাগে ইয়াৰ আগজাননী দিছে ।
বতৰ বিজ্ঞান বিভাগৰ মতে, বাৰিষাই 1 জুনৰ ভিতৰত কেৰালা, পুডুচেৰী আৰু তামিলনাডুত প্ৰৱেশ কৰিব পাৰে । এই তাৰিখ বাৰিষাৰ আগমনৰ স্বাভাৱিক তাৰিখ বুলি কোৱা হৈছে । ইয়াৰ উপৰি ই 5 জুনৰ ভিতৰত কৰ্ণাটক, গোৱা, অসম, ত্ৰিপুৰা আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশত প্ৰৱেশ কৰিব পাৰে ।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, সাধাৰণতে 10 জুনৰ ভিতৰত তেলেংগানা, ছিকিম আৰু মহাৰাষ্ট্ৰত বাৰিষা প্ৰৱেশ কৰে । ইয়াৰ উপৰি ই ১৫ জুনৰ ভিতৰত ঝাৰখণ্ড, ছত্তীশগড়, বিহাৰ, ওড়িশা, গুজৰাট আৰু মধ্যপ্ৰদেশত উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।
| ৰাজ্যৰ নাম | আনুমানিক তাৰিখ |
| কেৰালা, পুডুচেৰী, তামিলনাডু | ১ জুন, ২০২৪ |
| অসম, কৰ্ণাটক, গোৱা, ত্ৰিপুৰা, অন্ধ্ৰপ্ৰদেশ | ৫ জুন, ২০২৪ |
| তেলেংগানা, ছিকিম মহাৰাষ্ট্ৰ | ১০ জুন, ২০২৪ |
| ঝাৰখণ্ড, ছত্তীশগড়, বিহাৰ, ওড়িশা, গুজৰাট, মধ্যপ্ৰদেশ | ১৫ জুন, ২০২৪ |
| উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, লাডাখ, উত্তৰাখণ্ড | ২০ জুন, ২০২৪ |
| দিল্লী, হাৰিয়ানা, পঞ্জাব, ৰাজস্থান | ৩০ জুন, ২০২৪ |
তাৰ পিচত ২০ জুনৰ ভিতৰত উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, লাডাখ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ বাকী অংশলৈ ই আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত 25 জুনলৈকে লাডাখ আৰু হিমাচল প্ৰদেশৰ বাকী অংশত বাৰিষাৰ বৰষুণ আৰম্ভ হ'ব পাৰে ।
একে সময়তে ই উত্তৰ প্ৰদেশ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ বাকী অংশত উপস্থিত হ'ব বুলি আশা কৰা হৈছে । বতৰ বিজ্ঞান বিভাগৰ মতে, ৩০ জুনৰ ভিতৰত বাৰিষা দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু ৰাজস্থানত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । আনহাতে, ৰাজস্থানৰ বাকী অঞ্চলসমূহত ই ৫ জুলাইৰ ভিতৰত উপনীত হ'ব পাৰে ।

