ETV Bharat / bharat

অসমলৈ কেতিয়া আহিব মৌচুমী ? জানক দেশৰ কোন প্ৰান্তত বাৰিষাৰ আগমন কেতিয়া - Monsoon Forecast in India

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 6:29 PM IST

Monsoon Forecast in India : গৰমে দহিছে সমগ্ৰ দেশ । যাৰ বাবে দেশবাসীয়ে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে বাৰিষাৰ আগমনলৈ । বাৰিষাৰ এজাক বৰষুণত দেহ-মন শাত পেলাবলৈ ব্যগ্ৰ হৈ পৰিছে জনসাধাৰণ । তাৰ মাজতে এক সু-খবৰ । নিকোবৰ দ্বীপপুঞ্জত মৌচুমী বায়ুৱে আঘাত কৰিছে আৰু বৰ্তমান ভাৰতত প্ৰৱেশ কৰিবলৈ গৈ আছে । অসমত কেতিয়া ঘটিব বাৰিষাৰ আগমন ? ৰাজ্য অনুসৰি বাৰিষাই কেতিয়া ক'ত প্ৰৱেশ কৰিব তাৰ পূৰ্বাভাষ দিছে বতৰ বিজ্ঞান বিভাগে ।

Monsoon Forecast in India
ৰাজ্যত কেতিয়া ঘটিব বাৰিষাৰ আগমন (ETV Bharat)

নিউজ ডেস্ক, ২৪ মে' : সমগ্ৰ দেশ বৰ্তমান গ্ৰীষ্মপ্ৰবাহত আক্ৰান্ত হৈ আছে । সেয়ে ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে জনসাধাৰণে এতিয়া বাৰিষাৰ বৰষুণৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । অৱশ্যে এইক্ষেত্ৰত শেহতীয়াকৈ এটা সুখৰ খবৰ আহিছে । দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে নিকোবৰ দ্বীপপুঞ্জত আঘাত কৰিছে । বতৰ বিজ্ঞান বিভাগৰ মতে, শীঘ্ৰেই দেশত বাৰিষাৰ আগমন ঘটিব । উল্লেখ্য যে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে ১৯-২১ মে'ৰ ভিতৰত নিকোবৰ দ্বীপপুঞ্জত প্ৰৱেশ কৰিছে । কিন্তু দেশৰ অন্য প্ৰান্তত কেতিয়ালৈ আগমন ঘটিব বাৰিষাৰ ? বতৰ বিজ্ঞান বিভাগে ইয়াৰ আগজাননী দিছে ।

বতৰ বিজ্ঞান বিভাগৰ মতে, বাৰিষাই 1 জুনৰ ভিতৰত কেৰালা, পুডুচেৰী আৰু তামিলনাডুত প্ৰৱেশ কৰিব পাৰে । এই তাৰিখ বাৰিষাৰ আগমনৰ স্বাভাৱিক তাৰিখ বুলি কোৱা হৈছে । ইয়াৰ উপৰি ই 5 জুনৰ ভিতৰত কৰ্ণাটক, গোৱা, অসম, ত্ৰিপুৰা আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশত প্ৰৱেশ কৰিব পাৰে ।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, সাধাৰণতে 10 জুনৰ ভিতৰত তেলেংগানা, ছিকিম আৰু মহাৰাষ্ট্ৰত বাৰিষা প্ৰৱেশ কৰে । ইয়াৰ উপৰি ই ১৫ জুনৰ ভিতৰত ঝাৰখণ্ড, ছত্তীশগড়, বিহাৰ, ওড়িশা, গুজৰাট আৰু মধ্যপ্ৰদেশত উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।

ৰাজ্যৰ নামআনুমানিক তাৰিখ
কেৰালা, পুডুচেৰী, তামিলনাডু১ জুন, ২০২৪
অসম, কৰ্ণাটক, গোৱা, ত্ৰিপুৰা, অন্ধ্ৰপ্ৰদেশ৫ জুন, ২০২৪
তেলেংগানা, ছিকিম মহাৰাষ্ট্ৰ১০ জুন, ২০২৪
ঝাৰখণ্ড, ছত্তীশগড়, বিহাৰ, ওড়িশা, গুজৰাট, মধ্যপ্ৰদেশ১৫ জুন, ২০২৪
উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, লাডাখ, উত্তৰাখণ্ড২০ জুন, ২০২৪
দিল্লী, হাৰিয়ানা, পঞ্জাব, ৰাজস্থান৩০ জুন, ২০২৪

তাৰ পিচত ২০ জুনৰ ভিতৰত উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, লাডাখ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ বাকী অংশলৈ ই আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত 25 জুনলৈকে লাডাখ আৰু হিমাচল প্ৰদেশৰ বাকী অংশত বাৰিষাৰ বৰষুণ আৰম্ভ হ'ব পাৰে ।

একে সময়তে ই উত্তৰ প্ৰদেশ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ বাকী অংশত উপস্থিত হ'ব বুলি আশা কৰা হৈছে । বতৰ বিজ্ঞান বিভাগৰ মতে, ৩০ জুনৰ ভিতৰত বাৰিষা দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু ৰাজস্থানত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । আনহাতে, ৰাজস্থানৰ বাকী অঞ্চলসমূহত ই ৫ জুলাইৰ ভিতৰত উপনীত হ'ব পাৰে ।

লগতে পঢ়ক :উৎকট গৰম : শুকুৰবাৰে গুৱাহাটীত বছৰটোৰ সৰ্ব্বোচ্চ তাপমাত্ৰা - Weather Forecast Of Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.