ETV Bharat / entertainment

19 বছৰ বয়সতে মৃত্যু ঘটা দিব্যা ভাৰতীৰ মৃত্যুৰ ৰহস্য আজিও নোলাল - Divya Bharti Death Anniversary

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 4:55 PM IST

Divya Bharti Death Anniversary these 35 hollywood Actress who passed away too young know reason
দিব্যা ভাৰতী

Divya Bharti Death Anniversary : আজি ৫ এপ্ৰিল, শুকুৰবাৰে অভিনেত্ৰী দিব্যা ভাৰতীৰ ৩১ সংখ্যক মৃত্যু বাৰ্ষিকী । দিব্যা ভাৰতীৰ বয়স আছিল মাত্ৰ ১৯ বছৰ, যেতিয়া তেওঁৰ মৃত্যু ঘটিছিল । এই প্ৰতিবেদনত আমি আগবঢ়াম সেইসকল হলীউড অভিনেত্ৰীৰ নাম যিয়ে কম বয়সতে মৃত্যুবৰণ কৰিছিল । লগতে উল্লেখ থাকিব মৃত্যুৰ কাৰণ কি আছিল ৷

চিটাৰা ডেস্ক, 5 এপ্ৰিল : বলীউডৰ মোহময়ী অভিনেত্ৰী দিব্যা ভাৰতী আজি আমাৰ মাজত নাই, কিন্তু তেওঁ অভিনীত ছবিৰ চৰ্চা আৰু তেওঁৰ বিস্ময়কৰ সৌন্দৰ্যৰ বিষয়ে এতিয়াও তেওঁৰ অনুৰাগীৰ মাজত আলোচনা হৈ থাকে । দিব্যা ভাৰতী এগৰাকী কম বয়সতে মৃত্যু হোৱা অভিনেত্ৰী । ১৯৭৪ চনৰ ২৩ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা দিব্যা ভাৰতীৰ ১৯৯৩ চনৰ ৫ এপ্ৰিলত মাত্ৰ ১৯ বছৰ বয়সতে মৃত্যু ঘটে । আজিও দিব্য ভাৰতীৰ মৃত্যুৰ কাৰণ স্পষ্টকৈ জানিব পৰা হোৱা নাই ।

দিব্যা ভাৰতীৰ কেৰিয়াৰ

১৯৯০ চনত দিব্যাই তামিল ছবি ‘নিল্লা পিন্নে’ ৰ জৰিয়তে দক্ষিণ চিনেমাত অভিষেক ঘটাইছিল ৷ বলীউডত খোজ দিছিল ‘বিশ্বাত্মা’ (১৯৯২) ছবিখনৰ জৰিয়তে । শ্বাহৰুখ খানৰ সৈতে তেওঁ ‘দীৱানা’ (১৯৯২) ছবিখন কৰিছিল যিখন ছুপাৰহিট বুলি প্ৰমাণিত হয় । তিনি বছৰীয়া চলচ্চিত্ৰ জীৱনত দিব্যাই ২০খনতকৈয়ো অধিক ছবিত কাম কৰিছিল । ১৯৯২ চনতে দিব্যাই বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা চাজিদ নাদিয়াদৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু এবছৰৰ পিচতে তেওঁৰ মৃত্যু হয় ।

জানো আহক কম বয়সত মৃত্যু হোৱা কেইগৰাকীমান হলীউড অভিনেত্ৰীৰ নাম

১/ মেৰিলিন মনৰো (৩৬ বছৰ)

মৃত্যুৰ কাৰণ- বাৰ্বিটুৰেটৰ অতিমাত্ৰা সেৱন

২/ ডেবি লিণ্ডেন (৩৬ বছৰ)

মৃত্যুৰ কাৰণ- হেৰ’ইনৰ অতিমাত্ৰা সেৱন

৩/ ড’ৰথী ষ্ট্ৰেৰেটন (২০ বছৰ)

মৃত্যুৰ কাৰণ- স্বামীৰ দ্বাৰা হত্যা

৪/ নিকা মেকগেন (৩৩ বছৰ)

মৃত্যুৰ কাৰণ-কৰ্কট ৰোগ

৫/ কাই কেণ্ডেল (৩৩ বছৰ)

মৃত্যুৰ কাৰণ- মাইল’ইড লিউকেমিয়া

৬/ মেৰী উৰে (৪২ বছৰ)

মৃত্যুৰ কাৰণ- অত্যাধিক সুৰাপান আৰু টোপনিৰ টেবলেট

৭/ শ্বাৰণ টেট (২৬ বছৰ)

মৃত্যুৰ কাৰণ- হত্যা

৮/ লীন ফ্ৰেডেৰিক (৩৯ বছৰ)

মৃত্যুৰ কাৰণ- সুৰা

৯/ ডানা প্লেটো (৩৪ বছৰ)

মৃত্যুৰ কাৰণ- অত্যাধিক পৰিমাণৰ পেইনকিলাৰ

10/ ব্ৰিটানি মাৰ্ফি (32 বছৰ)

মৃত্যুৰ কাৰণ- নিউমোনিয়া আৰু ৰক্তহীনতা

১১/ লুচি গৰ্ডন (২৮ বছৰ)

মৃত্যুৰ কাৰণ – আত্মহত্যা

12/ আলিয়া (22 বছৰ)

মৃত্যুৰ কাৰণ – বিমান দুৰ্ঘটনা

১৩/ জিয়া আলমান্দ (২৯ বছৰ)

মৃত্যুৰ কাৰণ- আত্মহত্যা

১৪/ কেৰল লেছলি (৩৮ বছৰ)

মৃত্যুৰ কাৰণ- আত্মহত্যা

১৫/ ভাৰ্জিনিয়া মেস্কেল (৩১ বছৰ)

মৃত্যুৰ কাৰণ- অতিমাত্ৰা ঔষধ সেৱন

১৬/ ছিমন ছিলভা (২৯ বছৰ)

মৃত্যুৰ কাৰণ- কঠোৰ খাদ্যাভ্যাসৰ ফলত ষ্ট্ৰোক

১৭/ বাৰ্বাৰা কলবি (৩৬ বছৰ)

মৃত্যুৰ কাৰণ- গুলীচালনাৰে হত্যা (ৰেণ্ডম আক্ৰমণ/

১৮/ বেলিণ্ডা লি (২৫ বছৰ)

মৃত্যুৰ কাৰণ- গাড়ী দুৰ্ঘটনা

১৯/ ইমোজেন হেচেল (৩৮ বছৰ)

মৃত্যুৰ কাৰণ- আত্মহত্যা (শ্লিপীং টেবলেট)

২০/ নোৱেল বালফ’ৰ (৩২ বছৰ)

মৃত্যুৰ কাৰণ- গাড়ী দুৰ্ঘটনা

২১/ ব্ৰেণ্ডা বেনেট (৩৬ বছৰ)

মৃত্যুৰ কাৰণ- আত্মহত্যা

22/ লুৰি বাৰ্ড (25 বছৰ)

মৃত্যুৰ কাৰণ- অত্যাধিক ঔষধ সেৱন

23/ চেলেনা (23 বছৰ)

মৃত্যুৰ কাৰণ- পিঠিত গুলী লগাৰ পিচত চিকিৎসাৰ সময়ত হৃদ আক্ৰমণৰ ফলত মৃত্যু

২৪/ এনি ক্ৰফৰ্ড (৩৫ বছৰ)

মৃত্যুৰ কাৰণ- লিউকেমিয়া

২৫/ হেলগা এন্দ্ৰেছ (৩৮ বছৰ)

মৃত্যুৰ কাৰণ- হাৰ্ট এটেক

২৬/ জেন মেন্সফিল্ড (৩৪ বছৰ)

মৃত্যুৰ কাৰণ- গাড়ী দুৰ্ঘটনা

২৭/ স্কাই মেকক’ল বুৰ্টুছিয়াক (২১ বছৰ)

মৃত্যুৰ কাৰণ- অতিমাত্ৰা ড্ৰাগছ সেৱন

28/ ডমিনিক ড্যুন (22 বছৰ)

মৃত্যুৰ কাৰণ- হত্যা

২৯/ জেনেট মনৰো (৩৮ বছৰ)

মৃত্যুৰ কাৰণ- হাৰ্ট এটেক

৩০/ পিনা পেলিচাৰ (৩০ বছৰ)

মৃত্যুৰ কাৰণ- আত্মহত্যা

৩১/ কিম শ্বিডমিট (৩১ বছৰ)

মৃত্যুৰ কাৰণ- বিবাহৰ তিনি সপ্তাহৰ পিচতে অভিনেতা তথা স্বামী গিগ ইয়ঙে গুলীয়াইছিল বুলি খবৰ ওলাইছিল

৩২/ শ্বানা ডেডছৱেল (২৩ বছৰ)

মৃত্যুৰ কাৰণ- সুৰা

৩৩/ জিন হাৰ্লো (২৬ বছৰ)

মৃত্যুৰ কাৰণ- বৃক্ক বিকল হোৱা

৩৪/ মাৰ্লিয়া মেণ্ডোচা (২৬ বছৰ)

মৃত্যুৰ কাৰণ- বিমান দুৰ্ঘটনা

35/ ক্ল’ডিয়া জানিংছ (29 বছৰ)

মৃত্যুৰ কাৰণ – গাড়ী দুৰ্ঘটনা

৩৬/ মিচেল থমাছ (৩০ বছৰ)

মৃত্যুৰ কাৰণ- কৰ্কট ৰোগ

লগতে পঢ়ক : সামাজিক মাধ্যমত বিয়ানাম গাই চর্চা লাভ কৰা এজন যুৱক - Partha Gogoi Biya Naam Reel

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.