সামাজিক মাধ্যমত বিয়ানাম গাই চর্চা লাভ কৰা এজন যুৱক - partha gogoi Biya naam reel
সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা বিয়া নামবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰা এজন ব্যতিক্ৰমী যুৱক । সামাজিক মাধ্যমত বিয়ানাম গাই চর্চা লাভ কৰা এই যুৱকজনৰ এক সাক্ষাৎকাৰ আপোনালোকলৈ বুলি আগবঢ়ালো-

Published : April 4, 2024 at 6:13 PM IST
গুৱাহাটী, 4 এপ্ৰিল : অসমীয়া লোক-সাংস্কৃতিকৰ এটা অংশ হৈছে বিয়ানাম । বৰ্তমান সময়ৰ সোঁতত কৰবাত যেন হেৰাই গৈছে বিয়ানামৰ এই পৰম্পৰা । হেৰাই যোৱা এই পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰা এজন যুৱক । সামাজিক মাধ্যমত বিয়ানাম গাই চর্চা লাভ কৰা যুৱকজনৰ নাম পাৰ্থ গগৈ ।
চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ পাৰ্থৰ ঘৰ শিৱসাগৰ জিলাত । সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা বিয়া নামবোৰ বুটলি আনি সেইসমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে পাৰ্থই । সংগীতৰ জগতত নিজক প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহ থকা পাৰ্থই কেৱল বিয়া নামেই নহয়, বিহু গীতৰ পৰা আৰম্ভ কৰি আধুনিক গীতলৈ সকলো গীত পৰিবেশন কৰিব পাৰে ।
সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ সুন্দৰকৈ গাব পাৰে এটাৰ পিচত আনটো গান । বিয়ানামক জীয়াই ৰখাৰ অহৰহ চেষ্টা কৰিছে পাৰ্থই । মুখে মুখে প্ৰচলিত হৈ অহা এই বিয়ানামসমূহ শুনি শুনিয়ে গাবলৈ চেষ্টা কৰে পার্থই । এইক্ষেত্ৰত বহুতে টুলুঙা মন্তব্যও কৰে পাৰ্থক । ছ’চিয়েল মিডিয়াৰ ঋণাত্মক দিশটোৰ সন্দৰ্ভত পাৰ্থ গগৈয়ে মন্তব্য কৰি কয়, ‘বিয়ানাম গোৱাৰ বাবে বহুতে মোক নিগেটিভ কমেন্ট কৰে ,'সেই সমূহক মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আগবাঢ়ি গৈ আছোঁ ।’
তেওঁ আৰু লগতে কয়, ‘এতিয়াও মোক কেতিয়াবা লগৰবোৰে জোকাই, যিহেতু মই বিয়ানাম গাওৱেই, সেইবাবে মোৰ বেয়া নালাগে । বিয়ানাম আমাৰ পৰম্পৰা, এয়া আমিয়ে জীয়াই ৰাখিব ৷"
উল্লেখ্য যে, বিয়া এখনত আৰম্ভণিৰ পৰা শেষলৈ বিভিন্ন ধৰণৰ ৰীতি-নীতি থাকে । সেই ৰীতি-নীতি অনুসৰি বিয়া নামসমূহো বেলেগ বেলেগ ধৰণৰ হয় । জোৰোণ আদৰাৰ পৰা কইনা বিদায় দিয়ালৈ প্ৰতিটো নিয়মতে বেলেগ বেলেগ ধৰণৰ বিয়ানাম পৰিৱেশন কৰা হয় । এইক্ষেত্ৰত পাৰ্থই সকলো ধৰণৰ বিয়ানামেই পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰা শুনি শুনি শিকিছে বুলি আমাক জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : বিহুৰ বাবে কেনেদৰে সাজু হৈছে কণ্ঠশিল্পী ৰূপম ভূঞা? - Musician Rupam Bhuyan Interview

