ETV Bharat / bharat

অশৰীৰ আত্মাৰ কোলাহল; গাৰ নোম শিয়ৰি উঠা ভূতৰ কাহিনী - Most Hunted Places Of India

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 11:50 AM IST

Most Hunted Places : ভাৰতবৰ্ষৰ এনে বহু ধুনীয়া ঠাই আছে, য’ত মানুহে যোৱাৰ পৰা বিৰত থাকে ৷ কিয়নো সেই স্থানবোৰত আছে ভূত ! ভূতৰ বাবে উক্ত স্থানলৈ নাম মাত্ৰহে আহে পৰ্যটক ৷ প্ৰকৃততে সঁচাই ভূত আছে নেকি ? ক’ত, কেনেকৈ অশৰীৰ আত্মাই ঘূৰি ফুৰে ৷

Most Hunted Places
অশৰীৰ আত্মাৰ কোলাহল (Getty image)

বিশেষ প্ৰতিবেদন, ১২ মে’ : ভাৰত এখন সুন্দৰ দেশ ৷ য'ত ভ্ৰমণৰ বাবে আছে বহু ঠাই । এই ঠাইবোৰৰো আছে নিজ নিজ সৌন্দৰ্য আৰু বৈশিষ্ট । কিন্তু আপুনি জানেনে বাৰু যে ভাৰতত এনে বহু ঠাই আছে যিবোৰ অতি জয়াল ৷ যাৰ বাবে চৰকাৰে এনে বহু জয়াল স্থানত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ।

ভাৰতৰ এই জয়াল ঠাইবোৰৰ আছে নিজা কিছু শিহৰণকাৰী কাহিনী । আপুনি সাজুনে বাৰু এই কাহিনীবোৰ জানিবলৈ ? তেন্তে আহক আমাৰ সৈতে এই ৰোমাঞ্চকৰ আৰু শিহৰণকাৰী যাত্ৰাৰ লেখনিৰ মাজলৈ...

ভাৰতৰ আটাইতকৈ জয়াল স্থানবোৰ -

  • ভানগঢ় দুৰ্গ, ৰাজস্থান
  • কুলধৰা, গাঁও ৰাজস্থান
  • ডাওহিল, কুৰ্চেয়ং, পশ্চিম বংগ
  • জাতিংগা, অসম
  • মালচা মহল, দিল্লী
  • ডুমাছ বিচ, গুজৰাট
  • বম্বে উচ্চ ন্যায়ালয়
  • অগ্ৰসেন কী বাৱলী, নতুন দিল্লী
  • লম্বী দেহাৰ খনি, উত্তৰাখণ্ড
  • ফাৰ্ণ হিল হোটেল, ঊটী


১) ভানগঢ় দুৰ্গ, ৰাজস্থান : অলৱৰ অঞ্চলত অৱস্থিত এই ভানগঢ় চহৰখন ভাৰতৰ এখন অন্যতম ভূতীয়া স্থান হিচাপে পৰিচিত । এই স্থানক অতি বিপজ্জনক বুলি গণ্য কৰা হয় ৷ যাৰ বাবে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে এক নিৰ্দিষ্ট সময়ৰ পাচত এই স্থানত প্ৰৱেশ নিষিদ্ধ কৰি দিয়ে । আন্ধাৰ হোৱাৰ পাচত কোনো ব্যক্তিয়ে এই ভানগঢ় দুৰ্গত প্ৰৱেশ কৰিব নোৱাৰে ।

MOST HAUNTED PLACES OF INDIA know stories about them
ভূতীয়া স্থান (Getty image)

২) কুলধৰা, গাঁও ৰাজস্থান : জয়াল স্থানৰ ভিতৰত দ্বিতীয় স্থানত আছে কুলধৰা চহৰখন, যিখন ৰাজস্থানত অৱস্থিত । কুলধৰা গাঁৱত একেলগে বহু ভূতে বাস কৰে বুলি বিশ্বাস কৰে সাধাৰণ লোকে ৷ অতীতৰ পৰা কুলধৰা গাঁওখনক লৈ এটাই কাহিনী আজিও মানুহৰ মাজত প্ৰচলিত ৷ সেয়া হ’ল - পালিৱাল ব্ৰাহ্মণে এসময়ত কুলধৰা গাঁও দখল কৰিছিল ।

MOST HAUNTED PLACES OF INDIA know stories about them
জয়াল ঠাই : কোন আছে (Getty image)

কিংবদন্তি অনুসৰি এদিন গাঁওখনত বলিছিল পাতল বতাহ ৷ সেই বতাহতে কুলধৰাৰ সকলো বাসিন্দাৰ লগতে কাষৰীয়া আন ৮৩ খন গাঁৱৰ বাসিন্দাসকলো অদৃশ্য হৈ পৰিছিল ৷ ৰহস্যৰ বিষয় যে, আজিলৈকে কোনেও তেওঁলোকৰ অস্তিত্বৰ কোনো প্ৰমাণ পোৱা নাই । সেয়ে আজিও এই গাঁওখনত অসংখ্য অশৰীৰ আত্মাই বাস কৰে বুলি জনবিশ্বাস আছে ৷

৩) ডাওহিল, কুৰ্চেয়ং, পশ্চিম বংগ : দাৰ্জিলিঙৰ ভিক্টোৰিয়া বায়ছ হাইস্কুল আৰু ডাওহিল গাৰ্লছ বৰ্ডিং স্কুল কুৰ্চেয়ং অন্যতম জয়াল ঠাই হিচাবে বিবেচিত । কথিত আছে যে, ইয়াত অগণন অশৰীৰ আত্মাই বাস কৰে ৷ বিভিন্নজনে অশৰীৰ আত্মাৰ উপস্থিতি ইতিমধ্যে অনুভৱ কৰিছে ৷

MOST HAUNTED PLACES OF INDIA know stories about them
জয়াল ঠাইৰ অভিজ্ঞতা (Getty image)

বহু লোকে আকৌ এই স্থানৰ কৰিড’ৰত অশৰীৰ আত্মাৰ শব্দও শুনিছে । জানিব পৰা মতে, এই বিদ্যালয়ৰ আশে-পাশে থকা অৰণ্যতো বহু মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰা হৈছে । কোৱা হয় যে এটা মুণ্ডহীন শিশুৱে সকলোকে খেদি ফুৰে ৷ তাৰ পাচতেই হঠাৎ হাবিত অদৃশ্য হৈ পৰে সেই মুণ্ডহীন শিশুটো ।

৪) জাতিংগা, অসম : জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও । ইয়াত প্ৰায় ২৫০০ জনীয়া খাচী জনগোষ্ঠীৰ আৰু কিছু সংখ্যক ডিমাছা লোকে বাস কৰে । এই জাতিংগাত প্ৰায়ে মাজে সময়তে সংঘটিত হয় কিছু চাঞ্চল্যকৰ ঘটনা । এই ঠাই টুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত । কেৱল এয়াই নহয়, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অমাবশ্যা ৰাতি ইয়াত বৃহৎ সংখ্যক লোকৰ মৃত্যু হয় ।

MOST HAUNTED PLACES OF INDIA know stories about them
ভাৰতৰ জয়াল ঠাইৰ ৰহস্য (Getty image)

৫) মালচা মহল, দিল্লী : দিল্লীৰ ৰিজ ৰোডত অৱস্থিত মালচা মহলকো জয়াল ঠাইৰ ভিতৰত গণ্য কৰা হয় । তথ্য অনুসৰি তিনিজনীয়া উদাৰ পৰিয়ালৰ বাসগৃহ হিচাপে নিৰ্মাণ কৰাৰ আগতে ইয়াত এখন বন ল’জ আছিল ।

৬) ডুমাছ বিচ, গুজৰাট : আৰব সাগৰৰ গুজৰাটৰ ডুমাছ বিছ অৰ্থাৎ ডুমাছ সাগৰৰ পাৰৰ ক’লা বালিত বহু ৰহস্যৰ সোমাই আছে ৷ বহুতে বিশ্বাস কৰে যে সাগৰৰ এই স্থানত পূৰ্বতে হিন্দুৰ সমাধিস্থল আছিল ৷ বহু বছৰৰ মআগতে যেতিয়া সেই স্থানত নিশা পৰ্যটকে খোজকাঢ়ি আছিল, তেতিয়া পৰ্যটকসকলে অস্থি বা কংকালে চিঞৰি থকা শুনিবলৈ পাইছিল ।

MOST HAUNTED PLACES OF INDIA know stories about them
ভাৰতৰ জয়াল ঠাই (Getty image)

৭) বম্বে উচ্চ ন্যায়ালয় : বোম্বাই উচ্চ ন্যায়ালয়ৰ অধিবক্তাই কয় যে আদালতৰ কোঠাবোৰ আন জয়াল ঠাইতকৈ কম নহয় ৷ অধিবক্তাসকলৰ মতে ইয়াত অভিযুক্তসকলক শাস্তি প্ৰদান কৰাৰ বাবে ইয়াত হাজিৰ কৰা হয়, কিন্তু কোনো শক্তিয়ে অভিযুক্তক এই আদালতৰ চৌহদত প্ৰৱেশ কৰাত বাধা দিয়ে । প্ৰতিবেদন অনুসৰি তিনি দশকৰো অধিক সময় ধৰি এনেদৰে চলি আহিছে ।

MOST HAUNTED PLACES OF INDIA know stories about them
অশৰীৰ আত্মাৰ ঘৰ ! (Getty image)

৮) অগ্ৰসেন কী বাৱলী, নতুন দিল্লী : এই প্ৰাচীন ষ্টেপৱেল (খটখটী থকা ডাঙৰ কুঁৱা) দিল্লীৰ মাজমজিয়াত অৱস্থিত বুলি কোৱা হয় । ইয়াত দুষ্ট আত্মাই বাস কৰে, যিয়ে আত্মাই মানুহক পানীত জপিয়াই ডুব যাবলৈ হেঁচা প্ৰদান কৰে ।

MOST HAUNTED PLACES OF INDIA know stories about them
জয়াল ঠাইলৈ যাওঁ আহক (Getty image)

৯) লম্বী দেহাৰ খনি, উত্তৰাখণ্ড : মছুৰীৰ ওচৰৰ এই খনিবোৰ বন্ধ কৰি দিয়া হৈছিল । ইয়াত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়, য’ত হাজাৰ হাজাৰ শ্ৰমিকৰ মৃত্যু হয় । কোৱা হয় এই ঠাইখন অতি জয়াল ৷ ইয়াত অশৰীৰ আত্মাই ৰাতি চিঞৰি চিঞৰি হুমুনিয়াহ কাঢ়ে ।

MOST HAUNTED PLACES OF INDIA know stories about them
জয়াল ঠাই (Getty image)

১০) ফাৰ্ণ হিল হোটেল, ঊটী : ঊটীৰ পাহাৰীয়া ষ্টেচনত অৱস্থিত এই হোটেলখন ৷ ইয়ালৈ পৰ্যটক আৰু আশে-পাশে থকা লোকসকল নাহে ৷ কিয়নো পূৰ্বৰ মালিকক এজন ব্ৰিটিছ বিষয়াৰ ভূতে অশান্তি দি আহিছিল ৷ আনকি এই ভূতে তেওঁক আত্মহত্যা কৰিবলৈয়ো বাধ্য কৰাইছিল । যাৰ বাবে এই ঠাইডোখৰক ভুতীয়া ঠাই বা জয়াল ঠানই বুলি কোৱা হয় ৷

উপৰোক্ত ঠাইবোৰৰ উপৰিও মুকেশ মিলছ, মুম্বাই, শনিৱাৰ ৱাডা পুনে, শিমলাৰ ৩৩ নং সুৰংগৰ নামো জয়াল ঠাইৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক :

পৃথিৱীৰ চুবুৰীয়া গ্ৰহ শুক্ৰত কিয় পানী নাই ? - Why Venus dry

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.