ETV Bharat / bharat

কৃষক সংগঠন আৰু চৰকাৰৰ মাজত আজি চতুৰ্থ পৰ্যায়ৰ আলোচনা: ডাঙৰ প্ৰশ্ন - কি হ’ব ?

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 7:50 AM IST

Updated : Feb 18, 2024, 11:08 AM IST

Farmers Protest: কৃষকৰ দাবী সন্দৰ্ভত কৃষক সংগঠন আৰু চৰকাৰৰ মাজত ইতিমধ্যে তিনিটা পৰ্যায়ত আলোচনা সম্পন্ন হৈছে ৷ কিন্তু এই তিনিওখন বৈঠকে এতিয়ালৈকে উলিয়াব পৰা নাই কোনো ইতিবাচক সমাধানসূত্ৰ । এতিয়া অপেক্ষা ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ আজি বিয়লিলৈ ৷

Farmers Protest Update
দিল্লীলৈ কৃষকৰ পদযাত্ৰা

নেশ্যনেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী : দিল্লীলৈ কৃষকৰ পদযাত্ৰাৰ বাবে আম্বালাৰ শম্ভু সীমান্তত উত্তেজনা সৃষ্টি হোৱাৰ বিপৰীতে কৃষক নেতাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিসকলে কথা পাতি উক্ত বিষয়টো সমাধানৰ বাবে প্ৰচেষ্টা চলাইছে । ইতিমধ্যে তিনিটা পৰ্যায়ত বৈঠক সমাপন হৈছে ৷ তথাপিও এই সমস্যাটো এতিয়াও সমাধান হোৱা নাই ।

Farmers Protest
কৃষক সংগঠন আৰু চৰকাৰৰ মাজত আজি চতুৰ্থ পৰ্যায়ৰ আলোচনা

এনে পৰিস্থিতিত দেওবাৰে অৰ্থাৎ আজি চতুৰ্থ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব ৷ আশা কৰা হৈছে যে এই বৈঠকত হয়তো কৃষক নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী- দুয়োটা পক্ষ একেটা মততে উপনীত হ’ব ৷ ফলত সমস্যাটোৰ সম্ভৱত এটা সমাধান হ’ব ।

MSP আৰু ঋণ ৰেহাইৰ ওপৰত আবদ্ধ :

আমি সকলোৱে জ্ঞাত যে, কৃষক নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ইতিমধ্যে তিনিটা পৰ্যায়ত আলোচনা সম্পন্ন হৈছে ৷ যেতিয়াই এই বৈঠক অনুষ্ঠিত হয়, তেতিয়াই আশা কৰা হয় যে হয়তো এই বৈঠকতে সকলো কথাৰ সমাধান হ’ব আৰু সভা শেষত কিছু ভাল খবৰ সকলোৱে লাভ কৰিব ৷ কিন্তু বৰ্তমান পৰ্যন্ত সেয়া সম্ভৱ হৈ উঠা নাই ৷

এম এছ পি (MSP) আৰু ঋণ ৰেহাইৰ ক্ষেত্ৰত অচলাৱস্থা হৈ আছে । এনে পৰিস্থিতিত শম্ভু সীমান্তত থকা কৃষকসকলে দিল্লীলৈ সমদল উলিয়াবলৈ অটল হৈয়ে আছে । ইফালে নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদী কৃষকসকলক বাধা দিবলৈ যৎপোৰনাষ্টি চেষ্টা চলাইছে ।

লগতে পঢ়ক : এমএছপিৰ বাবে আইনী গেৰাণ্টি; কেন্দ্ৰক অধ্যাদেশ অনাৰ আহ্বান কৃষক নেতাৰ

১৮ ফেব্ৰুৱাৰীত চতুৰ্থ ৰাউণ্ডৰ আলোচনা :

কৃষক নেতাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মাজত প্ৰথম ৰাউণ্ডৰ আলোচনা ৮ ফেব্ৰুৱাৰীত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ আলোচনা ৪ দিনৰ পিচত অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় ৷ অৱশ্যে এই আলোচনাৰ পূৰ্বেই কৃষকসকলে দিল্লীলৈ যাত্ৰা কৰিছিল ৷

আনহাতে তৃতীয় পৰ্যায়ৰ আলোচনা ৩ দিনৰ পিচত অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীত সম্পন্ন হয় । এতিয়া ১৮ ফেব্ৰুৱাৰীৰ বিয়লি ৬ বজাত চতুৰ্থ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব । কেন্দ্ৰীয় মন্ত্ৰীসকলৰ উপৰিও পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানো প্ৰথম আৰু তৃতীয় বৈঠকত উপস্থিত আছিল ৷ কিন্তু ইয়াৰ পাচতো এই বিষয়টোৰ কোনো সমাধান পোৱা নগ’ল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ পাচতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডাই কৈছিল যে কৃষক সংগঠনৰ সৈতে আলোচনা অতি ইতিবাচক পৰিৱেশত কৰা হৈছিল ৷ চৰকাৰে পুনৰবাৰ ১৮ ফেব্ৰুৱাৰীত কৃষকৰ সৈতে চতুৰ্থ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিব ৷

এতিয়া সকলোৰে দৃষ্টি চতুৰ্থ পৰ্যায়ৰ বৈঠকলৈ ৷ এই বৈঠকে কিবা ফলপ্ৰসূ উত্তৰ দিব নে নাই সেয়াহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : আজি কৃষক আন্দোলনৰ পঞ্চম দিন

Last Updated :Feb 18, 2024, 11:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.