ETV Bharat / bharat

এমএছপিৰ বাবে আইনী গেৰাণ্টি; কেন্দ্ৰক অধ্যাদেশ অনাৰ আহ্বান কৃষক নেতাৰ

author img

By PTI

Published : Feb 17, 2024, 2:30 PM IST

Farmer leader Pandher on MSP : "যদি কেন্দ্ৰই এক অধ্যাদেশ আনিব বিচাৰে, তেন্তে ইয়াক নিশাটোৰ ভিতৰতে আনিব পাৰে । মাত্ৰ ইয়াৰ বাবে সদিচ্ছাৰ প্ৰয়োজন ।" কৃষক নেতাগৰাকীয়ে কয় ।

এমএছপিৰ বাবে আইনী গেৰাণ্টিৰ কেন্দ্ৰক অধ্যাদেশ অনাৰ আহ্বান কৃষক নেতাৰ
এমএছপিৰ বাবে আইনী গেৰাণ্টিৰ কেন্দ্ৰক অধ্যাদেশ অনাৰ আহ্বান কৃষক নেতাৰ

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : কেন্দ্ৰই এমএছপিক আইনী গেৰাণ্টি দিয়াৰ ওপৰত অধ্যাদেশ আনিব লাগে । শনিবাৰে কৃষক নেতা চাৰৱান সিং পান্ধেৰে এই দাবী কৰে । উল্লেখ্য যে বৰ্তমান শম্ভু আৰু পঞ্জাব-হাৰিয়ানা সীমান্তৰ খানাউৰী পইণ্টত শিবিৰ পাতি থকা কৃষকসকলৰ এয়া হৈছে এক গুৰুত্বপূৰ্ণ দাবী ।

কৃষি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মাজত তেওঁলোকৰ বিভিন্ন দাবীক লৈ চতুৰ্থ পৰ্যায়ৰ আলোচনাৰ এদিন পূৰ্বে এই দাবী কৰা হৈছে ।

"যদি কেন্দ্ৰই এক অধ্যাদেশ আনিব বিচাৰে, তেন্তে ইয়াক নিশাটোৰ ভিতৰতে আনিব পাৰে । মাত্ৰ ইয়াৰ বাবে সদিচ্ছাৰ প্ৰয়োজন । যদি চৰকাৰে কৃষকসকলৰ প্ৰতিবাদৰ সমাধান বিচাৰে, তেন্তে তাৎক্ষণিকভাৱে এখন অধ্যাদেশ আনিব লাগে, যিয়ে এমএছপিৰ ওপৰত এখন আইন প্ৰণয়ন কৰিব । তেতিয়াহে আলোচনা অধিক আগবাঢ়িব পাৰে ।" শম্ভু সীমান্তত সাংবাদিকৰ আগত পান্ধেৰে কয় । আনহাতে, ইয়াৰ পদ্ধতিৰ ক্ষেত্ৰত পান্ধেৰে কয় যে যিকোনো অধ্যাদেশৰ ছয় মাহৰ বৈধতা আছে ।

ইফালে কৃষি ঋণ ৰেহাইৰ বিষয়ত পান্ধেৰে কয় যে চৰকাৰে কৈছে যে ঋণৰ পৰিমাণ মূল্যাঙ্কন কৰিব লাগিব । চৰকাৰে এই সন্দৰ্ভত বেংকৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰে । তেওঁ কয়, "এয়া হৈছে ইচ্ছাশক্তিৰ প্ৰশ্ন ।"

উল্লেখ্য, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, পীয়ুষ গোৱেল আৰু নিত্যানন্দ ৰায় আৰু কৃষক নেতাসকলে দেওবাৰে চতুৰ্থ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব । ইয়াৰ পূৰ্বে ৮, ১২ আৰু ১৫ ফেব্ৰুৱাৰীত দুয়োপক্ষ মুখামুখী হৈছিল । কিন্তু উক্ত আলোচনাৰ পৰা কোনো সমাধান সূত্ৰ ওলোৱা নাই ।

সংযুক্ত কিষাণ মৰ্চা (অনা-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই আহ্বান জনোৱা 'দিল্লী চলো' পদযাত্ৰাৰ পঞ্চমদিনা কৃষকসকলে পঞ্জাব আৰু হাৰিয়ানাৰ দুটা সীমান্ত পইণ্টত শিবিৰ পাতি ৰখি আছে । তেওঁলোকে কেন্দ্ৰক তেওঁলোকৰ দাবী মানি ল'বলৈ হেঁচা প্ৰয়োগ কৰি আছে । ইয়াৰ ভিতৰত আছে শস্যৰ বাবে ন্য়ূনতম সমৰ্থন মূল্যৰ (এমএছপি) আইনী গেৰাণ্টি ।

এমএছপিৰ বাবে আইনী গেৰাণ্টিৰ উপৰি কৃষকসকলে স্বামীনাথন আয়োগৰ পৰামৰ্শ, কৃষক আৰু খেতিয়কসকলৰ বাবে পেঞ্চন, কৃষি ঋণ ৰেহাই, বিদ্যুতৰ শুল্ক বৃদ্ধি নকৰা, আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰ আৰু 2021 লখিমপুৰ খেৰী হিংসাৰ ভুক্তভোগীসকলৰ বাবে 'ন্যায়', ভূমি অধিগ্ৰহণ আইন, 2013 পুনৰ স্থাপন আৰু পূৰ্বৰ আন্দোলনত ২০২০-২১ চনত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ।

লগতে পঢ়ক :আজি কৃষক আন্দোলনৰ পঞ্চম দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.