ETV Bharat / bharat

শম্ভু সীমান্তত নিয়োজিত হাৰিয়ানা আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৃত্যু

author img

By PTI

Published : Feb 17, 2024, 8:04 AM IST

Farmers protest 2024: কৰ্তব্যৰত অৱস্থাতে মৃত্যু আৰক্ষী বিষয়াৰ ৷ হাৰিয়ানা ৰে'লৱে আৰক্ষীত কৰ্মৰত আৰক্ষী বিষয়া হীৰা লালক নিয়োজিত কৰা হৈছিল শম্ভু সীমান্তত ৷ কৃষকৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি হীৰা লালক নিয়োজিত কৰা হৈছিল উক্ত এলেকাত । 52 বছৰীয়া উপ-পৰিদৰ্শকগৰাকীৰ কৰ্তব্যৰত অৱস্থাতে মৃত্যু ঘটে ৷

Farmers protest 2024
শম্ভু সীমান্তত নিয়োজিত হাৰিয়ানা আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৃত্যু

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : কৃষকৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত শম্ভু সীমান্তত নিয়োজিত হাৰিয়ানা আৰক্ষীৰ এগৰাকী 52 বছৰীয়া উপ-পৰিদৰ্শকৰ মৃত্যু ঘটে । শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে হাৰিয়ানা আৰক্ষীৰ এগৰাকী বিষয়াই ।

উল্লেখ্য যে হাৰিয়ানা ৰে'লৱে আৰক্ষীত কৰ্মৰত আৰক্ষী বিষয়া হীৰা লালক চলিত কৃষকৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি শম্ভু সীমান্তত নিয়োজিত কৰা হৈছিল বুলি এগৰাকী আৰক্ষীৰ মুখপাত্ৰই জনায় । কৰ্তব্যৰত অৱস্থাতে উপ-পৰিদৰ্শকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা হঠাতে অৱনতি ঘটা বুলি মুখপাত্ৰগৰাকীয়ে লগতে কয় ।

ইয়াৰ পিছত হীৰা লালক তৎক্ষণাৎ আম্বালাৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টা অথলে যায় আৰু হাস্পতালতে তেওঁৰ মৃত্যু ঘটে বুলি মুখপাত্ৰগৰাকীয়ে কয় । আনহাতে, উপ-পৰিদৰ্শকৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰে হাৰিয়ানাৰ আৰক্ষী সঞ্চালক প্ৰধান শত্ৰুজিৎ কাপুৰে ।

উল্লেখ্য যে কৃষকসকলৰ দাবী মানি ল'বলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰক হেঁচা দিবলৈ সংযুক্ত কিষাণ মৰ্চা (অনা-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই 'দিল্লী চলো' কাৰ্যসূচীৰ আহ্বান জনাইছে । ইয়াৰ বাবে পঞ্জাবৰ কৃষকসকলে মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰা আৰম্ভ কৰিছে । কিন্তু পঞ্জাব আৰু হাৰিয়ানাৰ মাজৰ শম্ভু আৰু খানাউৰী সীমান্তত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে । ইতিমধ্যে শুকুৰবাৰে অৱস্থান ধৰ্মঘট কৰি থকা অৱস্থাতে এগৰাকী কৃষকৰো মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

জ্ঞান সিং নামৰ কৃষকজনে শুকুৰবাৰে পুৱা প্ৰতিবাদস্থলীতে হঠাতে বুকুৰ বিষ অনুভৱ কৰে । ইয়াৰ পিছত সতীৰ্থসকলে তেওঁক ওচৰৰ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত্যু ঘোষণা কৰে। হৃদৰোগত আক্ৰান্ত হৈ কৃষকজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে অৱগত কৰে ।

লগতে পঢ়ক :কৃষকৰ প্ৰতিবাদত হাৰিয়ানাৰ কৃষকসকলৰো অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.