অসম

assam

Assam Youth Olympic Games : ৮০০ মিটাৰ দৌৰত সোণৰ পদক আজুৰিলে ডিব্ৰুগড়ৰ দুলাল দাসে

By

Published : Jul 28, 2022, 4:26 PM IST

ডিব্ৰুগড়ত এতিয়া আনন্দৰ জোৱাৰ ৷ গুৱাহাটীত অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিক গেমছত ডিব্ৰুগড়ৰ দুলাল দাসে কঢ়িয়াই আনিলে সোণৰ পদক (Gold medalist Dulal Das)। দুলাল দাসৰ কষ্টৰ সফলতাত উৎফুল্লিত এতিয়া ডিব্ৰুগড়বাসী ৷ তথ্য অনুসৰি, ৮০০ মিটাৰ দৌৰত খেলুৱৈ দুলাল দাসে আজুৰি আনিবলৈ সক্ষম হয় সোণৰ পদক (Dulal Das wins gold medal in 800m race in Assam Youth Olympic Games)। দুলালৰ এই সফলতাৰ পাচতে বৃহস্পতিবাৰে খেলুৱৈগৰাকী ডিব্ৰুগড় বানীপুৰ ৰে’লৱে ষ্টেচন উপস্থিত হোৱাৰ লগে লগে বহুজনে তেওঁক ফুলাম গামোচা, ফুলৰ মালা পিন্ধাই আদৰণি জনায় । উল্লেখ্য যে, দুলাল দাসৰ পিতৃ পেছাত এজন সাধাৰণ ঠেলা চালক ৷ দৈনিক ঠেলা চলাই পোৱা টকাৰে কোনো মতে ঘৰখন পোহপাল কৰে ৷ দুলালৰ এই সফলতাত স্বাভাৱিকতে উৎফুল্লিত হৈছে তেওঁৰ পৰিয়ালটো ৷

ABOUT THE AUTHOR

...view details