অসম

assam

Drugs peddler detained at Laharijan:হেৰ’ইন আৰু ছেমপ্লেক্স প্লাছ কেপছুলসহ দুই সৰবৰাহকাৰী আটক

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 7:59 PM IST

Updated : Sep 2, 2023, 9:38 PM IST

ড্ৰাগছ বিৰোধী অভিযান

ডিফু, ২ ছেপ্টেম্বৰ :অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ অভিযানত পুনৰ উদ্ধাৰ হৈছে নিচাযুক্ত দ্ৰব্য ৷ প্ৰাপ্ত খবৰ অনুসৰি, এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলঙৰ এএছপি (নিৰাপত্তা) জন দাসৰ নেতৃত্বত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈ, এছ আই (পি) স্বমধন স্বৰ্গীয়াৰী, এএছআই ভূৱন বাৰিক, থানা ষ্টাফ আৰু লাহৰিজান হনুমান মন্দিৰ গাওঁৰক্ষী বাহিনীৰ সহযোগত শনিবাৰে খটখটী থানা এলেকাৰ লাহৰিজান চাহ বাগানত দিনৰ প্ৰায় ২.২৮ মান বজাত অভিযান চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ৷

নিচাযুক্ত দ্ৰব্যসমূহ লাহৰিজান চাহ বাগানৰ এজোপা জোপোহা গছৰ তলত লুকুৱাই ৰাখিছিল সৰবৰাহকাৰীসকলে  ৷ নিচাযুক্ত দ্ৰব্যখিনি ক্ৰমে ১১ টা চাবোনৰ বাকচত ৭৪.৩৯৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু ১৭২ টা ছেমপ্লেক্স কেপচুল আছিল ৷ নিচাযুক্ত দ্ৰব্যসমূহৰ সৈতে আৰক্ষীয়ে মৰিগাঁও জিলাৰ মৈৰাবাৰীক শালকাঠী পথাৰৰ হাছান আলীৰ পুত্ৰ গাজীবুৰ ৰহমান (১৯) আৰু লাহৰিজান টিলা বস্তিৰ মজিবুৰ ৰহমানৰ পুত্ৰ আইজুল ইছলাম (১৯) ক আটক কৰিবলৈ সক্ষম হয় ৷ নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰি এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Drugs peddlers detained at Manikpur : গেৰুকাবাৰী আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

Last Updated :Sep 2, 2023, 9:38 PM IST

ABOUT THE AUTHOR

...view details