অসম

assam

চোৰৰ চাফাই অভিযান, মধ্যাহ্ন ভোজনৰ সামগ্ৰী লৈ চোৰ উধাও

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 2:41 PM IST

মধ্যাহ্ন ভোজনৰ সামগ্ৰী লৈ চোৰ উধাও

ৰঙিয়া, 11 ডিচেম্বৰ : ৰঙিয়াত বিদ্যালয়ত চোৰৰ চাফাই অভিযান ৷ চোৰে লৈ গ’ল ছাত্র-ছাত্ৰীৰ মধ‍্যাহ্ন ভোজনৰ দাইল আৰু চাউল । ৰঙিয়াৰ জলতি ৰাম লহকৰ হাইস্কুলত দেওবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় ৷ 

বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, সোমবাৰে পুৱা বিদ্যালয়খনৰ চকীদাৰজনে বিদ্যালয়ৰ কোঠা খুলিবলৈ আহি চিচি টিভি কেমেৰা এটা ভাঙি থোৱাৰ লগতে প্ৰধান শিক্ষকৰ কোঠাৰ লগতে আৰু কেইবাটাও কোঠাৰ তলা ভাঙি থোৱা অৱস্থাত প্ৰত‍্যক্ষ কৰে । তেওঁ লগে লগে প্ৰধান শিক্ষকগৰাকীক খবৰ কৰাত প্ৰধান শিক্ষকগৰাকী বিদ্যালয়ত আহি উপস্থিত হয় । 

তেওঁলোকে অনুসন্ধান কৰি প্ৰত‍্যক্ষ কৰে যে চোৰে তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি মধ‍্যাহ্ন ভোজনৰ চাউল, দাইল, মিঠাতেল, চিলিণ্ডাৰ, ইউনিফৰ্মৰ টোপোলা এটা, এখন ফেন আৰু বিদ্যালয়ৰ ছাউণ্ড ছিষ্টেমটো চুৰি কৰি লৈ যায় । উল্লেখ্য যে, বিদ‍্যালয়ৰ কোঠাত কম্পিউটাৰকে ধৰি বহু মূল‍্যবান সামগ্ৰী আছিল যদিও চোৰে দৈনন্দিন জীৱনৰ অত‍্যাৱশ‍্যকীয় সামগ্ৰীখিনি লৈ যায় । বিদ‍্যালয় কৰ্তৃপক্ষই ইতিমধ্যে বিষয়ে সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ।

লগতে পঢ়ক:মৃতপ্ৰায় অৱস্থাত জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ গছ-গছনিসমূহ

ABOUT THE AUTHOR

...view details