অসম

assam

Karnataka Govt Oath Taking : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়া, উপ-মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ

By

Published : May 20, 2023, 3:06 PM IST

Karnataka Govt Oath Taking

নিউজ ডেস্ক, ২০ মে' :অৱশেষত অপেক্ষাৰ অন্ত পৰিল । বহু প্ৰতীক্ষিত কৰ্ণাটক চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত গ্ৰহণ কৰে সিদ্দাৰামাইয়াই (Siddaramaiah taking oath as Karnataka CM) । লগতে দক্ষিণ ভাৰতৰ বহু চৰ্চিত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কেৰালা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে (DK Shivakumar taking oath as DCM) ।

ইয়াৰ উপৰি আন 8 গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । বেংগালুৰুৰ কাণ্টেৰাভা ষ্টেডিয়ামত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে (Karnataka Govt Oath Taking ceremony) ।

শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰা মুখ্য অতিথিসকলৰ ভিতৰত হৈছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা এআইচিচি নেতা ৰাহুল গান্ধী (Rahul Gandhi at Karnataka govt oath taking), এআইচিচি নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং, পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰঙ্গস্বামী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন । উল্লেখ্য যে শপত গ্ৰহণ অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মুঠ 40,000 লোকক অনুমতি দিয়া হয় ।

আনহাতে, শপত গ্ৰহণ অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হয় । অনুগামীৰ তীব্ৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগাও হয় । আৰক্ষীৰ লাঠিচালনাত কেইবাজনো লোক আহত হয় । লাঠিচালনাৰ ফলত হোৱা দৌৰা-দৌৰিৰ বাবে পদপিষ্টৰ ঘটনাও সংঘটিত হয় ।

লগতে পঢ়ক :Rs 2000 notes circulation : বন্ধ হ’ব 2000 টকীয়া নোটৰ প্ৰচলন

ABOUT THE AUTHOR

...view details