Rs 2000 notes circulation : বন্ধ হ’ব 2000 টকীয়া নোটৰ প্ৰচলন

author img

By

Published : May 19, 2023, 8:40 PM IST

Updated : May 19, 2023, 9:34 PM IST

Rs 2000 currency circulation

এইবাৰ বন্ধ হ’ব 2000 টকীয়া নোটৰ প্ৰচলন ৷ 30 ছেপ্টেম্বৰৰ ভিতৰত প্ৰচলিত 2000 টকীয়া নোট সলনি কৰাৰ নিৰ্দেশ ৰিজাৰ্ভ বেংকৰ (Reserve Bank of India) ৷

নিউজ ডেস্ক, 19 মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণ একপ্ৰকাৰৰ ফ্লপ শ্ব’ত পৰিণত হোৱা বুলি বিভিন্ন সময়ত বিভিন্ন মহলে অভিযোগ উত্থাপন কৰি আহিছে ৷ ইয়াৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা ৷ ছেপ্টেম্বৰ মাহৰ পৰা বজাৰত দেখিবলৈ নাপাব 2000 টকীয়া নোট (Rs 2000 currency notes circulation to be stopped) ৷

বজাৰত পৰা 2000 টকীয়া নোটৰ প্ৰচলন বন্ধ কৰা হ’ব বুলি শুকুৰবাৰে ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ৷ অহা 30 ছেপ্টেম্বৰৰ ভিতৰত প্ৰচলন হৈ থকা দুহেজাৰ টকীয়া নোটসমূহ বেংকত জমা কৰিবলৈ অথবা সলনি কৰিবলৈ নিৰ্দেশনা দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷ অৱশ্যে এই দুহেজাৰটকীয়া নোটসমূহত আইনী নিবিদা (Legal tender) থাকিব বুলি বিবৃতিত উল্লেখ কৰিছে ৰিজাৰ্ভ বেংকে (Rs 2000 to be withdraw) ৷

কাৰ্যকৰী সুবিধা নিশ্চিত কৰাৰ বাবে আৰু বেংক শাখাসমূহৰ নিয়মীয়া কাৰ্যকলাপ অব্যাহত ৰখাৰ বাবে আগন্তুক 23 মে’ৰ পৰা যিকোনো বেংকতে 2000 টকীয়া নোট একেসময়তে 20,000 টকালৈকে বিনিময় কৰিব পাৰিব ৷ লগতে তাৎক্ষণিকভাৱে বেংকসমূহক 2000 টকীয়া নোট মুকলি বন্ধ কৰিবলৈ নিৰ্দেশ দিছে RBIয়ে ৷ লগতে 23 মে’ৰ পৰা বজাৰত প্ৰচলিত 2000 টকীয়া সলনি কৰিব পৰাৰ সুবিধা মুকলি কৰা হ’ব (How to exchange Rs 2000) ৷

স্মৰ্তব্য যে, 2016 চনত দেশত প্ৰচলিত পূৰ্বৰ 500 টকীয়া আৰু 1000 টকীয়া নোটৰ আইনী নিবিদা স্থিতি প্ৰত্যাহাৰ কৰি 2000 টকীয়া নোট প্ৰচলন কৰা হৈছিল ৷ 2016 চনৰ 8 নবেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল (India demonetization date) ৷ বিমুদ্ৰাকৰণে নগদবিহীন ধনৰ লেনদেন বৃদ্ধি কৰাৰ লগতে অবৈধ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপত প্ৰভাৱ পেলাব বুলি দাবী কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে (Demonetization in India) ৷

2018 চনত ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছিল যে, বজাৰত প্ৰচলন হৈ থকা 500 আৰু 1000 টকীয়া নোটৰ মুঠ 15.41 লাখ কোটি টকাৰ বিপৰীতে 15.3 লাখ কোটি টকা বেংকত জমা কৰা হৈছিল ৷ উল্লেখ্য যে, বিদশী বেংকত বিনিয়োগ কৰা ক’লা টকা ঘূৰাই অনাই আছিল বিমুদ্ৰাকৰণ কৰাৰ অন্যতম লক্ষ্য ৷ ইয়াৰ পূৰ্বে 1946 চনত আৰু 1978 চনত চৰকাৰৰ দ্বাৰা বিমুদ্ৰাকৰণ কৰা হৈছিল ৷ ইয়াৰো মূল লক্ষ্য আছিল ক’লা টকা ঘূৰাই অনা (Black money in India) ৷

অতি লক্ষণীয়ভাৱে 2012 চনত চেণ্ট্ৰেল ব’ৰ্ড অৱ ডাইৰেক্ট টেক্সে এক প্ৰতিবেদনত কৈছিল যে, বিমুদ্ৰাকৰণৰ জৰিয়তে কলা টকা ঘূৰাই অনা সম্ভৱ নহয় ৷ কিয়নো ক’লা ধনৰ মাত্ৰ 6 শতাংশ বা ইয়াতকৈ কমহে নগদ ধন হিচাবে থাকে আৰু বাকী ধন বিভিন্ন সম্পত্তি ক্ৰয়ত বিনিয়োগ কৰা হয় ৷

লগতে পঢ়ক: SC verdict on Demonetisation : ন্যায়ালয়ৰ ৰায় মানিবলৈ বাধ্য, কিন্তু বিমুদ্ৰাকৰণ বহুতৰ জীৱন ধ্বংস কৰিলে: কংগ্ৰেছ

Last Updated :May 19, 2023, 9:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.