অসম

assam

People evict the encroachers: সত্ৰৰ ভূমি বেদখলকাৰীক সামাজিকভাৱে বৰ্জন

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 7:45 PM IST

সত্ৰৰ ভূমি বেদখলকাৰীক সামাজিকভাৱে বৰ্জন

বকো,৬ নৱেম্বৰ:বকোৰ ছমৰীয়া সত্ৰৰ নামত সংৰক্ষিত ভূমি একাংশ বিষয়া-কৰ্মচাৰী আৰু কেইজনমান সমাজদ্ৰোহী লোকে চক্ৰান্তমূলকভাৱে বেদখল কৰাৰ কু-অভিসন্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰবাসী । সত্ৰৰ দখলত থকা মাটিখিনি ছমৰীয়াৰ দীনবন্ধু কলিতা, ভূমিধৰ কলিতা আৰু শংকৰ কলিতা নামৰ তিনিজন ব্যক্তিয়ে বেদখল কৰাৰ চক্ৰান্তত ছমৰীয়া সত্ৰবাসীয়ে লোক কেইজনক সামাজিকভাৱে বৰ্জন কৰি এঘৰীয়া কৰাৰ ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰে ।  

বকোৰ ছমৰীয়া ৰাজহ চক্ৰ অধীনস্থ ২নং মাকেলী গাঁৱৰ প্ৰায় ২৫ বিঘা গো চৰণীয়া পথাৰ পূৰ্বৰ পৰাই ছমৰীয়া সত্ৰৰ দখলত থকা বুলি উল্লেখ কৰিছে । গো-চৰণীয়া পথাৰৰ সুযোগ লৈ ছমৰীয়াৰ উল্লেখিত লোক তিনিজনে মাটিখিনি বেদখলৰ চক্ৰান্ত কৰাৰ অভিসন্ধিৰ পৰা সত্ৰবাসীয়ে মাটিখিনি সত্ৰৰ নামত দখল কৰাৰ লগতে মাটিৰ সীমা নিৰ্ধাৰণ কৰি মাকৈ আৰু সৰিয়হৰ বীজ সিঁচাই ৰাজহুৱাভাৱে খেতি কৰিবলৈ আৰম্ভ কৰে । ছমৰীয়া সত্ৰৰ নামত দখলত থকা মাটিখিনিক বেদখল কৰিবলৈ লোৱা চক্ৰটোৰ বিৰুদ্ধে আইনী ব্যৱস্থাত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে সত্ৰবাসীয়ে ।  

লগতে পঢ়ক:Flyover to be inaugurate: কালী পূজাত মুকলি কৰা হ'ব হোজাইৰ নৱ-নিৰ্মিত উৰণ সেতু

ABOUT THE AUTHOR

...view details