অসম

assam

আইন ভংগকাৰীৰ বিৰুদ্ধে ৰাজপথত চৰাইদেউৰ আয়ুক্তৰ অভিযান

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 3:56 PM IST

পথ সজাগতা অভিযান

মৰাণ, ৩১ডিচেম্বৰ:পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্যৰ পৰিবহণ বিভাগ আৰু চৰকাৰে বিভিন্ন সজাগতামূলক কাৰ্যসূচীত ৰূপায়ণ কৰি আহিছে যদিও প্ৰতিৰোধ হোৱা নাই ভয়ংকৰ দুৰ্ঘটনা । পথ সুৰক্ষা আৰু সজাগতাৰ বাবে ৰাজ্যজুৰি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বাইক ৰেলী কৰি জিলাই জিলাই সভা অনুষ্ঠিত কৰিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়েও সতৰ্কবাণী দিছে আইন ভংগ কৰি বাহন নচলাবৰ বাবে । ইয়াৰ পাছতো আইন অমান্য কৰি আহিছে একাংশই । ফলত নতুন বছৰৰ প্ৰাকক্ষণত কঠোৰ হৈছে আৰক্ষী আৰু পৰিবহন বিভাগ ।  

যান-বাহন আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে ৩১ ডিচেম্বৰৰ দিনা ৰাজপথত নামিল চৰাইদেউ জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক । চৰাইদেউৰ চেপনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভুল দিশেৰে বাহন চলাচল কৰাৰ লগতে পৰিবহণ আইন ভংগকাৰীৰ বিৰুদ্ধে চলা এই অভিযানত আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰ্মন প্ৰমুখ্যে জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকল যেনে লোকনিৰ্মাণ (পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা অঞ্জন দে', জিলা পৰিবহণ বিষয়া দীপজ্যোতি নেওগ, আবকাৰী বিভাগৰ উপ অধীক্ষক হোমেন গগৈ আৰু ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াই অংশগ্ৰহণ কৰে । এই অভিযানত ভালেসংখ্যক বাহনৰ নথি-পত্ৰৰ খেলিমেলি ধৰা পৰাৰ লগতে যান-বাহন আইন ভংগকাৰী চালকৰ অনুজ্ঞাপত্ৰও বাতিল কৰি জৰিমনা বিহে ।

লগতে পঢ়ক:Year Ender-2023 : ২০২৩ৰ শীৰ্ষ ৰাজনৈতিক বিতৰ্কৰ এচেৰেঙা

ABOUT THE AUTHOR

...view details