অসম

assam

Kati Bihu 2023:মৰাণত কাতি বিহু উপলক্ষে সাজু কৰা হৈছে আকাশ বন্তি

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:24 AM IST

মৰাণত কাতি বিহু

মৰাণ, ১৮ অক্টোবৰ: আজি কাতি বিহু । অসমীয়া সমাজ জীৱনত বিহুৰ ঐতিহ্য আৰু মাদকতাই বহন কৰি আহিছে এক সুকীয়া মাত্ৰা । ব'হাগ বিহু আৰু মাঘ বিহুৰ মাজতে কাতি বিহু। কাতি বিহুক কঙালী বুলি ক'লেও এই কাতি বিহু অসমীয়া সমাজ জীৱনত যুগ যুগ ধৰি পালিত হৈ আহিছে। কৃষি আৰু চহা জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কাতি বিহুত সেউজ ধাননি পথাৰত আকাশ বন্তি জ্বলাই কৃষকৰ সপোনৰ ধাননি ডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে তুলসী তলত বন্তি জ্বলাই সকলোৱে মংগল কামনা কৰে। ডিব্ৰুগড় জিলাৰ মৰাণতো বিহুৰ পৰম্পৰা ৰক্ষাৰ বাবে কৃষক ৰাইজে চলাইছে প্ৰস্তুতি।  

কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ-দুৱাৰ, আলি-পদূলি, পৰিষ্কাৰ-পৰিচ্ছন্ন কৰে । ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি থয় । লোক বিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ– দুৱাৰ, চোতাল-পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে ।

মৰাণৰ সমীপৰ খলিহামাৰীতো আধ্যাত্মিকতাৰ মাজেৰে ঘৰে ঘৰে চলিছে বিহুৰ প্ৰস্তুতি । সন্ধিয়া বিহুৰ পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তি জ্বলোৱা হ'ব । সেইবাবে পুৱাৰে পৰা তুলসী তল সমূহ চাফা কৰাৰ লগতে বন্তি সমূহ সাজু কৰি তোলা হৈছে ।  

লগতে পঢ়ক:Kati bihu: জীৱন জেউতি কৃষক সংঘৰ পথাৰত কাতি বিহু উদযাপন

ABOUT THE AUTHOR

...view details