Kati bihu: জীৱন জেউতি কৃষক সংঘৰ পথাৰত কাতি বিহু উদযাপন

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 8:07 AM IST

thumbnail

মৰিগাঁও, 18 অক্টোবৰ : পৰম্পৰা ৰক্ষা কৰি মঙলবাৰে মৰিগাঁৱত কাতি বিহু উদযাপন কৰা হয় । কাতি বিহুৰ পৰম্পৰাবোৰ ক্ৰমশঃ সমাজত লোপ পাবলৈ ধৰিছে । কাতি বিহুৰ দিনা পথাৰৰ পৰা খেলুক তোলা, কচুকটা, ৰবাব টেঙা খোৱা আদি পৰ্ববোৰ হেৰাই গৈছে । সেয়েহে কাতি বিহুত ধাননি পথাৰত চাট দিয়া, তুলসী ৰোৱা আদি পৰম্পৰাবোৰ নৱ-প্ৰজন্মই যাতে বুজি পাই সেই উদ্দেশ্যেৰে ৰাজ্যৰ আগশাৰী কৃষক অনুষ্ঠান জীৱন জেউতি কৃষক সংঘৰ উদ্যোগত উৰুকা দিনাই উদযাপন কৰা হ’ল বাপতি সাহোন কাতি বিহু । পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত সুন্দৰ মন্তব্য আগবঢ়ালে জীৱন জেউতি কৃষক সংঘৰ কাৰ্যকৰী সভাপতি তুলসী ডেকাই ।

বেলগুৰি জনজাতি যুৱক সংঘ, নাহৰ য়ুথ ক্লাৱ, পুবেৰুণ যুৱক সংঘ, পৰিৱেশ সংৰক্ষণ মঞ্চ, সেউজ কৃষক সংঘই যৌথভাৱে ঐতিহ্যমণ্ডিত চাৰণ বিলৰ পাৰত তথা জীৱন জেউতি কৃষক সংঘৰ পথাৰত উলহ-মালহৰে কাতি বিহু উদযাপন কৰিলে । উৰুকা দিনাই পথাৰত পুৱাই কৃষক সকলে সদলবলে দিলে চাট । মহিলাসকলে বিহুৰ পিঠা-পনা বনোৱাৰ লগতে যাৱতীয় কাম কাজ কৰি পালন কৰিলে কাতি বিহু । কঙালী হ’লেও সাধ্যানুসৰি সকলোৱে পালন কৰিলে কাতি বিহু ।

লগতে পঢ়ক : Distribution No Dues Certificates : মৰিগাঁৱত ঋণমুক্ত প্ৰমাণপত্র প্ৰদান মন্ত্ৰী পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.