অসম

assam

Partition Horrors Remembrance Day : ধেমাজিত বিভাজন বিভীষিকা স্মৃতি দিৱসত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

By

Published : Aug 14, 2023, 5:27 PM IST

ধেমাজিত বিভাজন বিভীষিকা স্মৃতি দিৱস

ধেমাজি, 14 আগষ্ট : সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো বিজেপিৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয় ৷ এই দিৱস উপলক্ষে ধেমাজি নগৰত এক মৌন সমদল উলিওৱা হয় ৷ এই মৌন সমদলত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুসহ দলীয় কৰ্মীসকলে ৷ মৌন সমদলৰ পাছত ধেমাজি কাছাৰী ময়দানৰ সন্মুখত বিভীষিকা স্মৃতি দিৱস উপলক্ষে প্ৰদৰ্শন কৰা প্ৰদশৰ্নী দ্বাৰ উদঘাটন কৰে সাংসদ প্ৰদান বৰুৱাই ৷

ইয়াৰ পিছতে ধেমাজি পৌৰ সভাৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা দেশ মাতৃৰ গৌৰৱ আৰু স্বতন্ত্ৰতা ৰক্ষাৰ বাবে আত্ম বলিদান দিয়া বীৰ সকলৰ স্মৃতি ফলক মুকলি কৰি বীৰসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ বিভীষিকা দিৱসত শ্বহীদ সকলক স্মৰণ কৰি আগন্তুক দিনত কোনো অপশক্তিয়ে যাতে দেশ বিভাজিত কৰা বাবে কল্পনাও কৰিব নোৱাৰে তাৰ বাবে ভাৰতবৰ্ষক একত্ৰিত কৰি ৰখাৰ সংকল্প লবলৈ সকলোকে আহ্বান জনায় শিক্ষা মন্ত্ৰীয়ে ৷

লগতে পঢ়ক :Partition Horrors Remembrance Day : নলবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

ABOUT THE AUTHOR

...view details