ETV Bharat / state

Partition Horrors Remembrance Day : নলবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

author img

By

Published : Aug 14, 2023, 4:54 PM IST

পূৱ নলবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ বিভাজন বিভীষিকা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এক মৌন সমদল উলিওৱা হয় ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি সমদলটোত উপস্থিত থাকে নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালকুদাৰকে ধৰি কেইবাজনো বিজেপিৰ নেতা-কৰ্মী ৷

Partition Horrors Remembrance Day Observed
বিভাজন বিভীষিকা স্মৃতি দিৱস

নলবাৰীত বিভাজন বিভিষীকা স্মৃতি দিৱস পালন

নলবাৰী, 14 আগষ্ট : সোমবাৰে পূৱ নলবাৰীত অৱস্থিত বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচীৰ লগত সংগতি ৰাখি 'বসুধা বন্দন' কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই বসুধা বন্দন কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত এক বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷

ইয়াৰ পিছতে পূৱ নলবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ বিভাজন বিভীষিকা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এক মৌন সমদল উলিওৱা হয় ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আঁত ধৰা মৌন সমদলটোত উপস্থিত থাকে নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালকুদাৰকে ধৰি কেইবাজনো বিজেপিৰ নেতা-কৰ্মী ৷

লগতে পঢ়ক : Constituency Delimitation: স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব পুনৰ নিৰ্ধাৰিত সমষ্টিবোৰত পৰৱৰ্তী কাম-কাজ

ইফালে আটাইবোৰ অনুষ্ঠান সামৰি পূৱ নলবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত নলবাৰী জিলা প্ৰশাসনৰ দ্বাৰা 'বিভাজনৰ বিভীষিকা' স্মৃতি দিৱস পালন কৰা হয় ৷ আজিৰ দিনটোতে ভাৰত বিভাজনত প্ৰাণ আহুতি দিয়া প্ৰায় বিশ লক্ষাধিক লোকক শ্ৰদ্ধাৰে সোঁৱৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুধাকৰ সিঙকে ধৰি বিজেপিৰ জিলা পৰ্যায়ৰ নেতা-কৰ্মী তথা বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীয়ে ৷

উল্লেখ্য যে 1947 চনৰ 14 আগষ্ট অৰ্থাৎ আজিৰ এই দিনটোতেই ভাৰত বিভাজিত হৈ দুখন ৰাষ্ট্ৰত পৰিণত হৈছিল ৷ য'ত বহু লক্ষ লক্ষ লোকে নিজৰ ঘৰ, মাটি হেৰুৱাই বেলেগে আশ্ৰয় লবলৈ বাধ্য হৈছিল ৷ এই দিনটোক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে সৰ্বত্ৰে বিভাজন বিভীষিকা স্মৃতি দিৱস ৰূপে পালন কৰা হৈছে ৷

লগতে পঢ়ক : Partition Horrors Remembrance Day : দেশ বিভাজনৰ বিভীষিকাৰ কথা স্মৰণ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.