অসম

assam

Nalbari Road Accident: ভয়ংকৰ পথ দুৰ্ঘটনাই নিথৰুৱা কৰিলে এটি কণমানিক; থিতাতে হেৰুৱালে পিতৃ মাতৃক

By

Published : Mar 27, 2023, 12:56 PM IST

Updated : Mar 27, 2023, 1:24 PM IST

পথ দুৰ্ঘটনাই শেষ কৰিলে এটি পৰিয়াল

নলবাৰী, ২৭ মাৰ্চ : দেওবাৰেনিশা নলবাৰীৰ বালা মুগকুছিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Nalbari Road Accident) । হাজো-নলবাৰী পথৰ সমীপৰ এডাল গছত প্ৰচণ্ড খুণ্ডা মাৰে এখন চাৰিচকীয়া পাঞ্চ বাহনে ৷ নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে AS 01 EZ 4055 নম্বৰৰ ব্যক্তিগত বাহন খনৰে গৈ থকা সময়ত তীব্ৰ যোৰে এডাল গছত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় পত্নীৰ লগতে স্বামী (Nalbari terrible road accident) ৷ অৱশ্যে কোনোমতে প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ আঢ়ৈ বছৰীয়া কণমানিটোৰ ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত শব্দ শুনি ৰাইজ ওলাই আহে ৷ তাৰ পিচত শিশুটিক উদ্ধাৰ কৰি নিশাৰ ভিতৰতেই ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । নিশা প্ৰায় এক মান বজাত সংঘটিত দুৰ্ঘটনাটোত নিহত হোৱা দম্পতীটো সঞ্জয় শৰ্মা আৰু পত্নী মানসী শৰ্মা বুলি চিনাক্ত কৰা হৈছে । নিহত দম্পতীটোৰ ঘৰ নলবাৰীৰ বগলচ ৰোডত বুলি জানিব পৰা গৈছে । আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিতিত নিশাৰ ভিতৰতে উদ্ধাৰ কৰা হয় মৃতদেহ কেইটা ।

লগতে পঢ়ক :Arunachal Khonsa jailbreak: নিৰাপত্তাৰক্ষীক হত্যা কৰি অৰুণাচল প্ৰদেশৰ কাৰাগাৰৰ পৰা পলায়ন দুধৰ্ষ উগ্ৰপন্থীৰ

Last Updated :Mar 27, 2023, 1:24 PM IST

ABOUT THE AUTHOR

...view details