অসম

assam

Mla Akhil Gogoi on price rise: বিধানসভা চৌহদত মূল্যবৃদ্ধিক লৈ সৰৱ বিধায়ক অখিল গগৈ

By

Published : Mar 10, 2023, 11:32 AM IST

অখিল গগৈ

গুৱাহাটী,১০ মাৰ্চ: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথম দিনা ব্যতিক্ৰম ৰূপত দেখা গ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক (MLA Akhil Gogoi in budget session) । অধিৱেশনৰ পূৰ্বে বিধানসভা চৌহদত মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক অখিল গগৈয়ে । বিশেষকৈ ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ বিধায়ক গৰাকী সৰৱ হৈ পৰে ।  

গগৈয়ে প্ৰতিকী ৰূপত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ প্ৰসংগৰে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে (MLA Akhil Gogoi slams Assam Govt)। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ আগতে ২০১৪ চনৰ ১ মাৰ্চত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আছিল ৪১০ টকা । কিন্তু সেই চিলিণ্ডাৰৰ মূল্য আজিৰ তাৰিখত ১১৫২ টকা । অৰ্থাৎ তিনিগুণ মূল্যবৃদ্ধি হৈছে ।

বিধায়ক অখিল গগৈয়ে লগতে কয় যে অসমত পৌৰ কৰ সমূহ বৃদ্ধি কৰি দিয়া হৈছে । যাৰ পৰিপ্ৰেক্ষিতত বিধানসভাত সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিয়েই মূল বিষয় হ'ব লাগে । তেওঁ লগতে আক্ষেপ কৰি কয় যে ৰাইজৰ দলে ৰাজনৈতিক দলৰ স্বীকৃতি লাভ কৰাৰ পাছতো সৰ্বদলীয় বৈঠকত আমন্ত্ৰণ জনোৱা নহয় । যাৰবাবে তেওঁ বিষয়বোৰ উত্থাপন কৰিব নোৱাৰে ।  

তেওঁ সকলো জনপ্ৰতিনিধিকে মূল্যবৃদ্ধিৰ বিষয়টো সদনত দাঙি ধৰাৰ বাবে আহ্বান জনায় । ২০১৪ চনৰ আৰু আজিৰ দিনৰ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ তুলনামূলক ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে বিধানসভাত সামগ্ৰীৰ মূল্যবৃদ্ধি কিদৰে হ্ৰাস কৰিব পাৰি সেই বিষয়ত আলোচনা হ'ব লাগে ৷

লগতে পঢ়ক :Tension over lottery: লটাৰী খেলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

ABOUT THE AUTHOR

...view details