ETV Bharat / state

Tension over lottery: লটাৰী খেলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

author img

By

Published : Mar 10, 2023, 11:02 AM IST

তিনিচুকীয়াত লটাৰী খেলৰ নামত ৰাইজক প্ৰৱঞ্চনা । কেইবাটাও পুৰস্কাৰ নি়জৰ হাতত ৰাখিলে লটাৰী কমিটিয়ে (Organizer cheated public through Lottery)। আয়োজকৰ বিৰুদ্ধে থানাত এজাহাৰ স্থানীয় সংগঠনৰ ।

Tension over lottery
লটাৰী খেলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

লটাৰী খেলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

, ১০ মাৰ্চ: ফাকুৱাক লৈ আনন্দ উল্লাহৰ মাজত তিনিচুকীয়া জিলাৰ ফিল'বাৰীত তীব্ৰ উত্তেজনা (Tension over lottery in Tinsukia)। লটাৰী খেলক কেন্দ্ৰ কৰি আয়োজকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিভিন্ন সংগঠন । আয়োজকে লটাৰী খেলত খেলিমেলি কৰাৰ অভিযোগ বিভিন্নজনৰ । আয়োজকৰ বিৰুদ্ধে গোচৰ স্থানীয় আৰক্ষী থানাত ।

উল্লেখ্য যে ফাকুৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লটাৰী খেলৰ আয়োজন কৰা হৈছে । তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ শীতলপুৰ-টিংখাং গাঁৱত মিলিজুলি আত্মসহায়ক গোটেও ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি লটাৰী খেলৰ আয়োজন কৰিছিল । কিন্তু লটাৰী খেলৰ ফলাফল দেখি আচৰিত একাংশ লোক । বহু কেইটা আকৰ্ষণীয় উপহাৰ আয়োজকৰ হাতলৈয়ে গ'ল (Organizer cheated public through Lottery)।

লটাৰী খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে মহিন্দ্ৰ বলেৰ' পিক আপ ভান দিয়াৰ কথা টিকটত উল্লেখ আছিল যদিও অধিকাংশ টিকট বিক্ৰী নোহোৱাৰ অজুহাতত লটাৰী কমিটিয়ে প্ৰথম পুৰস্কাৰ প্ৰদানেই নকৰিলে । কিন্তু তাতকৈ আচৰ্যজনক কথাটো হল যে, দ্বিতীয় পুৰস্কাৰ হিচাপে থকা মাৰুতি অল্ট' গাড়ী, পঞ্চম পুৰস্কাৰ হিচাপে থকা ৰয়েল এনফিল্ড বুলেট, সপ্তম পুৰস্কাৰ ই-ৰিক্সা আৰু দশম পুৰস্কাৰ এলইডি টিভিও কমিটিৰ টিকটত থাকিল ।

অভিযোগ অনুসৰি এই চাৰিটা পুৰস্কাৰ থকা কোনো এটা টিকতেই বিক্ৰী হোৱা নাছিল । এইদৰে ৰাইজক প্ৰৱঞ্চনা কৰি লটাৰী কমিটিয়ে ৰাইজৰ ধন আত্মসাত্‍ কৰা বুলি অভিযোগ কৰিছে বিভিন্নজনে । সমগ্ৰ বিষয়টোক লৈ ফিল'বাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ লগতে ১৪৪ ধাৰা প্ৰযোজ্য হৈ থকাৰ সময়ত প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই খেল অনুষ্ঠিত কৰাক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Illegal lottery in Tinsukia)।

যাৰ বাবে ফিল'বাৰী আৰক্ষী থানাত ফিল'বাৰী অঞ্চলৰ আছু, যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাই এখন এজাহাৰ দাখিল কৰিছে । ২৪ ঘণ্টাৰ ভিতৰত আয়োজক কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাই সংগঠনসমূহে ।

লগতে পঢ়ক :Fake gold seized in Nagaon: নকল সোণ বিক্ৰী কৰিবলৈ আহি নগাঁও আৰক্ষীৰ জালত লখিমপুৰৰ তিনি প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.