অসম

assam

Kaziranga National Park: চাৰিটা বৰ্ষত গঁড় নিধন ৰোধ কৰিবলৈ সক্ষম বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষ

By

Published : Jan 1, 2023, 2:21 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

এক আশাব্যঞ্জক খবৰ লৈ নতুন বৰ্ষত পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চল (Kaziranga National Park) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত বিগত চাৰিটা বৰ্ষত গঁড় নিধন ৰোধ কৰিবলৈ সক্ষম হৈছে উদ্যান কৰ্তৃপক্ষ । ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (World Heritage Site Kaziranga National Park) আৰু ব্যঘ্ৰ প্ৰকল্পৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জত এটাও এশিঙিয়া গঁড় নিধন হোৱা নাই চোৰাং চিকাৰীৰ হাতত (Rhino killing reduced in Assam) । বনবিভাগ আৰু আৰক্ষীৰ সন্মিলিত প্ৰচেষ্টাত সুৰক্ষিত হৈছে বন্যপ্ৰাণী । আনহাতে ঢেকীয়াপতীয়া বাঘৰ বিচৰণস্থলীলৈ পৰিণত হৈছে বুঢ়াপাহাৰ বনাঞ্চল । ২০২২ বৰ্ষৰ শেষৰফালে একেৰাহে ৯ দিন ঢেকীয়াপতীয়া বাঘ দেখাৰ সৌভাগ্য ঘটিছে পৰ্যটকৰ (Royal Bengal Tiger in Kaziranga) । যাৰ বাবে বুঢ়াপাহাৰ বনাঞ্চললৈ আগমণ হৈছে বহু দেশী-বিদেশী পৰ্যটকৰ ।
Last Updated :Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details