অসম

assam

KMSS protest: চচলত KMSS ৰ প্ৰতিবাদী সভা

By

Published : Jun 22, 2023, 7:41 PM IST

চচলত KMSS ৰ প্ৰতিবাদী সভা

গুৱাহাটী,২২ জুন:চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সভা । গুৱাহাটীৰ থলুৱা ভূমিহীন পৰিয়ালক ভূমি পট্টা দিয়া, শিলসাঁকোৰ পাৰৰ লোকক অমানৱীয়ভাৱে উচ্ছেদ বন্ধ কৰা, উচ্ছেদিত লোকক ক্ষতি পূৰণ তথা পুনৰ সংস্থাপন দিয়া আৰু ভূমিস্বত্ব আন্দোলনৰ শ্বহীদক স্মৰণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চচলৰ ধৰ্ণাস্থলীত অনুষ্ঠিত কৰা হয় প্ৰতিবাদী সভাখনি ।  

সভাৰ আৰম্ভণিতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে শ্বহীদ বেদীত বন্তি প্ৰজলন কৰি ভূমিস্বত্ব আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । প্ৰতিবাদৰ অন্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীসকলে সন্থাৰ তৰফৰ পৰা দিছপুৰ আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক প্ৰেৰণ কৰে ।  

উল্লেখ্য যে, ২০১১ চনৰ ২২ জুনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভূমি অধিকাৰ আন্দোলনত বীৰেন কলিতা, শিৱ কুমাৰ চৌহান, জেৰিনা বেগম আৰু ৰুহুল আলিকে ধৰি চাৰিজন লোক শ্বহীদ হৈছিল । তেতিয়াৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । 

লগতে পঢ়ক:Dibrugarh theft incident: মাৰণাস্ত্ৰ লৈ চাৰিটাকৈ গাড়ীৰ শ্ব’ৰুমত নিশা চোৰৰ অভিযান

ABOUT THE AUTHOR

...view details