Dibrugarh theft incident: মাৰণাস্ত্ৰ লৈ চাৰিটাকৈ গাড়ীৰ শ্ব’ৰুমত নিশা চোৰৰ অভিযান

By

Published : Jun 22, 2023, 6:51 PM IST

thumbnail

ডিব্ৰুগড়, 22 জুন : শৈক্ষিক নগৰী ডিব্ৰুগড়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । শুনি আপোনাৰো চকু কপালত উঠিব ৷ ডিব্ৰুগড়ৰ চাৰিটাকৈ গাড়ীৰ ডিলাৰত মাৰণাস্ত্ৰ লৈ একে নিশাই চোৰে চলালে অভিযান । ডিব্ৰুগড় চহৰৰ দাঁতিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা চাৰিটাকৈ গাড়ীৰ বৃহৎ ডিলাৰ মহিন্দ্ৰা ,কিয়া, টাটা মটৰ্চ আৰু বৰা Automobiles ত অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰৱেশ চোৰৰ তিনি-চাৰিজনীয়া দলৰ ।

প্ৰায় একে সময়তে চাৰিটাকৈ ডিলাৰত চুৰি কাণ্ড সংঘটিত কৰিবলৈ চোৰ সোমাল, কিন্তু গমেই নাপালে ডিব্ৰুগড় আৰক্ষীয়ে । আটাইকেইটা ডিলাৰতে অস্ত্ৰৰে খিৰিকীৰ লক ভাঙি প্ৰৱেশ কৰে চোৰৰ দলটোৱে । ডিলাৰত সোমাই টকাৰ সন্ধানত চোৰে ভাঙিলে আলমাৰিৰ তলা, লণ্ডভণ্ড কৰিলে নথি-পত্ৰ । এইসমূহ বৃহৎ ডিলাৰত চিচি টিভি থকা বুলি জানিও, অস্ত্ৰ-শস্ত্ৰ লৈ বিনা দ্বিধাই চোৰৰ চাৰিটাকৈ দলে প্ৰৱেশ কৰা বিষয়টোত শংকিত হৈ পৰিছে ডিব্ৰুগড়ৰ ৰাইজ । গাড়ী ডিলাৰত মুখত কাপোৰ, হাতত মাৰণাস্ত্ৰ লৈ চুৰি কৰিবলৈ অহা সমগ্ৰ দৃশ্য CCTV ত বন্দী হোৱাৰ পাচতেই সমগ্ৰ ঘটনা কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰিছে যদিও এই মুহূৰ্তলৈকে চোৰৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক : Death body recovered in Guwahati: মহানগৰীৰ লখিমী নগৰত উন্মুক্ত নলাত উদ্ধাৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.