অসম

assam

Murder Case In Nagaon: পত্নীক হত্যা কৰি স্বামীয়ে পুতি থোৱাৰ অভিযোগ

By

Published : Mar 11, 2023, 8:50 PM IST

নগাঁও, 11 মাৰ্চ: নগাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ নগাঁৱৰ ডিমৰুগুৰিৰ নেশ্যনেল একাডেমীৰ সমীপত শ্রমিকে মাটি খান্দি থাকোঁতে এগৰাকী মহিলাৰ মৃতহেদ ওলোৱাৰ পিচতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে (Murder Case In Nagaon) ৷ যোৱা দুদিন ধৰি ডিমৰুগুৰি মমী দাস(৩০) নামৰ মহিলা এগৰাকী নিখোজ হৈ আছিল ৷ তাৰ পিচতে এনেদনে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাত স্থানীয় লোকে মহিলাগৰাকীৰ স্বামী নাৰায়ণ দাসে তেওঁক হত্যা কৰি এনেদৰে পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে (Husband allegedly killed wife) ৷

মৃত মমী দাস নগাঁৱৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল । শ্ৰমিকে মাটি খান্দিবলৈ আহি মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিচতেই স্থানীয় লোকক মাতি মৃতদহেটো দেখুৱাওতে প্ৰকৃত ঘটনা পোহৰলৈ আহে (Husband allegedly killed wife in Nagaon) ৷ ইফালে বিগত দুদিন ধৰি পলাতক হৈ আছে মহিলাগৰাকীৰ স্বামী নাৰায়ণ দাস । নাৰায়ণ দাস পেছাত ই-ৰিক্সা চালক । ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈছেহি ৷  

আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:  Extra Marital affair case: স্বয়ম্ভূ বিচাপতিৰ মাতব্বৰী; বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে প্ৰেমিক প্ৰেমিকাক চেলেকালে থু

ABOUT THE AUTHOR

...view details