Extra Marital affair case: স্বয়ম্ভূ বিচাপতিৰ মাতব্বৰী; বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে প্ৰেমিক প্ৰেমিকাক চেলেকালে থু

author img

By

Published : Mar 9, 2023, 11:04 PM IST

Extra Marital affair case

গোলাঘাটত মৰেল পুলিচিঙৰ ঘটনা ৷ মেৰাপানীত এজন ব্যক্তিক বিবাহ বহিৰ্ভূত সম্পৰ্ক স্থাপনৰ অভিযোগত স্বয়ম্ভূ বিচাৰপতি য়াচমিন চুলতানা নামৰ এগৰাকী মহিলা সমিতিৰ সভাপতিয়ে গণপ্ৰহাৰ কৰে (mob lynching for sake of Extra Marital affair) ৷

স্বয়ম্ভূ বিচাপতিৰ মাতব্বৰী

গোলাঘাট, 9 মাৰ্চ: কোনো এটা ঘটনা সংঘটিত হ’লে আগ-পাচ নাভাবি স্বয়ম্ভূ ন্যায়দাতাৰ ভূমিকা পালন কৰাৰ ৰোগটো আমাৰ সমাজৰ বহুতৰে মনত আছে ৷ ৰাজ্যত সংঘটিত হোৱা প্ৰায় সমূহ গণ প্ৰহাৰৰ ঘটনাৰ মূল কাৰণ এইটোৱেই ৷ কিবা এটা হ’লেই বিবেকহীনভাৱে একাংশ জপিয়াই পৰে দোষী বুলি ভবা ব্যক্তি বিশেষৰ ওপৰত ৷ অভি-নীল হত্যাকাণ্ড, অনিমেষ ভূঞাৰ হত্যাকাণ্ড, চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ড, দেৱাশীষ গগৈ হত্যাকাণ্ড আদি অলেখ উদাহৰণ আছে এই বিষয় সন্দৰ্ভত ৷

এনে এক ঘটনাই এইবাৰ স্থান পালে গোলাঘাট জিলাত ৷ জিলাখনৰ মেৰাপানী অঞ্চলত এজন ব্যক্তিক অবৈধ প্ৰেমৰ সম্পৰ্ক স্থাপনৰ অভিযোগত ৰাজহুৱা শাস্তি প্ৰদানৰ ঘটনা সংঘটিত হৈছে (Extra Marital affair case) ৷ মহিলা সমিতিৰ সভাপতি হৈ পৰিল স্বয়ম্ভূ বিচাৰপতি (mob lynching for sake of Extra Marital affair) ৷ মাটিত থু পেলাই চেলেকিবলৈ বাধ্য কৰিলে ব্যক্তিজনক ৷

অভিযোগ মতে, ৰজনী বৰা নামৰ লোকজনে বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল এগৰাকী মহিলাৰ সৈতে৷ যাৰ বাবে মেৰাপানী ৰামপুৰৰ স্বয়ম্ভূ বিচাৰপতি য়াচমিন চুলতানাই দুয়োকে এই কাৰ্যৰ বাবে দোষী মানি ৰাজহুৱা বিচাৰ বহুৱাই (Extra Marital affair case in Golaghat)৷ বিচাৰৰ নামত দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকাক আঁঠু কঢ়োৱাৰ লগতে নিজৰ থু চেলেকিবলৈ বাধ্য কৰে য়াচমিন নামৰ মহিলাগৰাকীয়ে ৷

কেৱল সেয়াই নহয়, দুয়োগৰাকীকে লাঠিৰে প্ৰহাৰ কৰি সমগ্ৰ দৃশ্য ম’বাইলত বন্দী কৰি সামাজিক মাধ্যমত ভিডিঅ’ প্ৰচাৰ কৰিহে ক্ষান্ত হয় য়াচমিন নামৰ মহিলাগৰাকী ৷ কিন্তু এই কাৰ্যক লৈ সম্প্ৰতি ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

অভিযোগ মতে, কোনো ধোৱা তুলসীৰ পাত নহয় য়াচমিন চুলতানা ৷ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত এঘাৰখন পঞ্চায়তৰ বৃহত্তৰ দৈয়াং অঞ্চলৰ এখন মহিলা সমিতিৰ সদস্য য়াচমিনে নাৰী সুৰক্ষা নামত চলাই আহিছে মইমতালি৷ স্বয়ম্ভূ বিচাৰপতিৰ ভূমিকা গ্ৰহণ কৰি মহিলাগৰাকীয়ে মেৰাপানী অঞ্চলত দৈয়াং আঞ্চলিক মহিলা সমিতি বুলি ছীল মোহৰ বনাই নিজেই সভানেত্ৰী/সম্পাদিকা দুয়োটা পদতে থাকি ৰাইটিং পেড বনাই বিভিন্ন লোকৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ।

শেহতীয়াকৈ তেওঁ সংঘটিত কৰা এই ঘটনাৰ পাচতেই দৈয়াং আঞ্চলিক মহিলা সমিতিৰ স্বয়ম্ভূ বিচাৰপতি তথা সভানেত্ৰী য়াচমিন চুলতানাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ভুক্তভোগী ৰজনী বৰা নামৰ লোকজনৰ লগতে একাংশ স্থানীয় ৰাইজ । ৰাজহুৱা বিচাৰৰ নামত ধনৰ লেনদেন কৰি এনেধৰণৰ নাৰীজনিত ঘটনাত নিজেই বিচাৰপীঠ বহুৱাই শাস্তি, জৰিমনা বিহাৰ অভিযোগ উত্থাপিত হৈছে য়াচমিন নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ।

লগতে পঢ়ক: Teenage Assaulted by Man: নামতিত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি 13 বছৰীয়া কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.