অসম

assam

বহৎ পৰিমাণৰ অগৰু-গাঞ্জাসহ সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 5:27 PM IST

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচন

মাণিকপুৰ, 26 নৱেম্বৰ : নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত নামনিমুৱা বিবেক এক্সপ্ৰেছ ৰে’লত অভিযান চলাই বৃহৎ পৰিমানৰ অগৰু কাঠসহ দুজন লোকক আটক কৰা হয় ৷ সমান্তৰালকৈ ৰে’লৱে ষ্টেচনটোত ৰে’ল আৰক্ষীয়ে অভিযান চলাই 12510 নম্বৰৰ ৰে’লখনৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰে ।

জানিব পৰা মতে নিউ বঙাইগাঁও ৰে’ল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত চলা অভিযানত প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয় । আনহাতে দেওবাৰে পুৱা বিশেষ খবৰৰ ভিত্তিত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত বিবেক এক্সপ্ৰেছ ৰে’লত অভিযান চলাই বৃহৎ পৰিমাণৰ অগৰু কাঠসহ কবিৰ আহমেদ আৰু নুৰুল হক নামৰ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন দুয়োকে সোধাপোছা অব্যাহত ৰাখিছে ৰে’ল আৰক্ষীয়ে ৷

লগতে পঢ়ক :ধন দাবীৰ অভিযোগত অ’চিসহ চাৰি আৰক্ষীৰ ৰিজার্ভ ক্ল’জ

ABOUT THE AUTHOR

...view details