অসম

assam

Assam HSLC result 2023:নলবাৰীত মৃগাংক, ৰিস্মিতা ও হৃষিকেশকে ধৰি মুঠ আঠগৰাকী শিক্ষাৰ্থীৰ সাফল্য

By

Published : May 22, 2023, 3:18 PM IST

নলবাৰী, 22 মে’ : আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ফলাফলত উজলিল নলবাৰীৰ আঠ গৰাকীকৈ শিক্ষাৰ্থী । শীৰ্ষ দহত আঠগৰাকী শিক্ষাৰ্থীৰ স্থান লাভে গৌৰৱ কঢ়িয়াই আনে শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰী জিলালৈ (Assam HSLC result 2023) ।

নলবাৰীৰ বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ মৃগাংক ভট্টাচাৰ্যই দখল কৰিলে তৃতীয় স্থান ৷ বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰা মৃগাংক ভট্টাচাৰ্যৰ সাফল্যত আনন্দিত নিকেতন খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক (HSLC result 2023) ।

আনহাতে নলবাৰীত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰো জয় জয় ময় ময় ৰূপ ৷ ষষ্ঠ আৰু নৱম স্থান দখলেৰে নলবাৰীৰ লিটিল ফ্লাৱাৰ স্কুললৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে । নলবাৰীৰ লিটিল ফ্লাৱাৰ স্কুলৰ ৰিস্মিতা মহন্তই ষষ্ঠ স্থানেৰে আৰু হৃষিকেশ কলিতাই নৱম স্থানেৰে  গৌৰৱ কঢ়িয়াই আনিলে । ছাত্ৰ-ছাত্ৰী দুগৰাকীৰ সাফল্যত আনন্দিত পিতৃ মাতৃ , শিক্ষক-শিক্ষয়ত্ৰী (HSLC result) ।

লগতে পঢ়ক :HSLC exam results 2023 : নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ দুই ছাত্ৰীৰ সাফল্য

ABOUT THE AUTHOR

...view details