HSLC exam results 2023 : নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ দুই ছাত্ৰীৰ সাফল্য

By

Published : May 22, 2023, 12:10 PM IST

thumbnail

নলবাৰী, ২২ মে': আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC exam results 2023)। প্ৰতিবছৰৰ দৰে এইবাৰো শীৰ্ষ ১০ত স্থান লাভ কৰিলে নলবাৰীৰ শিক্ষাৰ্থীয়ে । নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ পৰা দ্বিতীয় স্থানত উজলিল দুগৰাকীকৈ ছাত্ৰী ক্ৰমে লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা (2 students from Nalbari secured 2nd position)।

ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি দুয়োগৰাকী ছাত্ৰীয়ে আনন্দ বিদ্যা নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মাৰ সাফল্যত আনন্দিত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীৰ পৰা মুঠ ৭ গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে । সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰা মতে দুয়োগৰাকী মেধাৱী ছাত্ৰীৰে চিকিৎসক হোৱাৰ সপোন আছে ।

লগতে পঢ়ক :HSLC result 2023: আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.