অসম

assam

Heroin seized: মাছ বেপাৰীৰ ৰূপত হেৰ’ইন সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:54 PM IST

মাছ বেপাৰীৰ ৰূপত হেৰ’ইন সৰবৰাহকাৰী

ডিফু, ২২ আগষ্ট:  কাৰ্বি আংলং জিলাত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ মঙলবাৰে অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত এইবাৰ মাছ বেপাৰীৰ ৰূপত আৰক্ষীৰ জালত পৰিছে এটা হেৰ’ইন সৰবৰাহকাৰী ৷ 

মঙলবাৰে কাৰ্বি আংলং জিলাৰ এএছপি (পি) জন দাসে এক গোপন তথ্যৰ পম খেদি খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত এছ (পি) স্বমধন স্বৰ্গীয়াৰী, থানা ষ্টাফ চি 20 চিআৰপিএফৰ সহযোগত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত এক বিশেষ নাকা তালাচী চলোৱা হয় ৷ তালাচী কালত ডিমাপুৰ দিশৰ পৰা চাইকেলেৰে আহি থকা এজন মাছ বেপাৰীক তালাচী চলাই বেপাৰীজনৰ বেগৰ পৰা এটা প্লাষ্টিকৰ চাবোনৰ বাকচৰ পৰা 12.90 গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে ৷

লগতে আৰক্ষীয়ে নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত মেলেকা ধিঙৰ ছুলেমান আলী (৩০)ক আটক কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত ছুলেমান আলীক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Indrani Tahbildar Death: বিজেপি নেতা মৃগাংক বৰ্মন আৰু প্ৰণৱজ্যোতি লহকৰক তলব

ABOUT THE AUTHOR

...view details