ETV Bharat / state

Indrani Tahbildar Death: বিজেপি নেতা মৃগাংক বৰ্মন আৰু প্ৰণৱজ্যোতি লহকৰক চান্দমাৰী আৰক্ষীৰ তলব

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 4:23 PM IST

Updated : Aug 22, 2023, 8:16 PM IST

Chandmari police raid Anurag Chaliha rented house
অনুৰাগ চলিহাৰ ভাড়াঘৰত অভিযান চান্দমাৰী আৰক্ষীৰ

ইন্দ্ৰাণী তহবিলদাৰৰ সংগী অনুৰাগ চলিহাক লগত লৈ চান্দমাৰী আৰক্ষীয়ে মঙলবাৰে অনুৰাগ চলিহাৰ ভাড়াঘৰত অভিযান চলায় ৷

অনুৰাগ চলিহাৰ ভাড়াঘৰত অভিযান চান্দমাৰী আৰক্ষীৰ

গুৱাহাটী, ২২ আগষ্ট : সময় পাৰ হোৱাৰ লগে লগে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ ঘটনাই নতুন নতুন মোৰ লৈছে ৷ চান্দমাৰী আৰক্ষীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ তদন্ত ক্ষিপ্ৰগতিত অব্যাহত ৰাখিছে । ইন্দ্ৰাণী তহবিলদাৰৰ সংগী অনুৰাগ চলিহাক লগত লৈ চান্দমাৰী আৰক্ষীয়ে মঙলবাৰে অনুৰাগ চলিহাৰ ভাড়াঘৰত অভিযান চলায় ৷

ইন্দ্ৰাণী তহবিলদাৰৰ মাতৃগৃহত ভাড়াতীয়া হিচাপে থকা অনুৰাগ চলিহাৰ ভাড়াঘৰত অভিযান চলাই আৰক্ষীয়ে বহু নথি পত্ৰ জব্দ কৰিছে । অনুৰাগ চলিহাৰ বাসগৃহৰ পৰা আৰক্ষীৰ চাকৰি দিয়াৰ নামত টকা লেনদেনৰ নথি-পত্ৰ লাভ কৰিছে আৰক্ষীয়ে ।

ইপিনে ইন্দ্ৰাণীৰ আত্মহননৰ ঘটনা সন্দৰ্ভত বিজেপি নেতা মৃগাংক বৰ্মন আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰণৱজ্যোতি লহকৰক চান্দমাৰী আৰক্ষীয়ে তলব কৰিছে । সোমবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মাক চলোৱা জেৰাত মৃগাংক বৰ্মনৰ নাম লৈছিল দুই বিজেপি কৰ্মীয়ে ।

ইপিনে আৰক্ষীয়ে আৰ এছ এছ নেতাৰ আত্মীয় অসমী চক্ৰৱৰ্তী আৰু নলবাৰী জিলা বিজেপি কৃষক মৰ্চা অপসাৰিত সভাপতি ৰেখান্ত দাসক লগত লৈ সোমবাৰে নলবাৰীত অভিযান চলাইছিল ৷ ইয়াৰ পিচতে আজি পুনৰ নলবাৰী চহৰৰ অসীম চক্ৰৱৰ্তীৰ বাসগৃহত অভিযান চলায় চান্দমাৰী আৰক্ষীয়ে । অভিযান চলোৱাৰ সময়তে মহানগৰ আৰক্ষীয়ে অসীম চক্ৰৱৰ্তীৰ আত্মীয়ৰ ঘৰৰ পৰা জব্দ কৰিছিল এটা লেপটপ ৷

উল্লেখ্য যে, অনুৰাগ চলিহাৰ লগত ইন্দ্ৰাণী তহবিলদাৰৰ আপত্তিজনক ফটো ভাইৰেল হৈছিল ৷ ইয়াৰ পিচতে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল ইন্দ্ৰাণীয়ে ৷ আত্মহত্যাৰ পিছত 14 আগষ্টত আৰক্ষীয়ে অভিযান চলাই ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অনুৰাগ চলিহাক ৷ তাৰ পিচতে আৰক্ষীৰ জিম্মাত ৰাখি সোধা পোচা অব্যাহত ৰাখিছিল অনুৰাগক ৷

লগতে পঢ়ক: Indrani Tahbildar's Death Case : দ্বীবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শনিবাৰে আৰু দুজনক গ্ৰেপ্তাৰ

Last Updated :Aug 22, 2023, 8:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.