অসম

assam

Junmoni Rabha death case: আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ত হাছিনা বেগম; ৯ ব্যক্তিৰ বিৰুদ্ধে দাখিল এজাহাৰ

By

Published : May 23, 2023, 8:54 PM IST

SI জোনমণি ৰাভাক নকল সোণৰ গোপন তথ্য দিয়া হাছিনা বেগম

গুৱাহাটী, ২৩ মে’ :আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ত উপস্থিত SI জোনমণি ৰাভাক নকল সোণৰ গোপন তথ্য দিয়া হাছিনা বেগম (Junmoni Rabha death case updates)। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিচত জোনমণিক হত্যা কৰা হৈছিল বুলি অভিযোগ আনিছিল হাছিনাই । এই অভিযোগ অনাৰ পাচতে মঙলবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধানক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিবলৈ আহিছিল হাছিনাই । কিন্তু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক লগ নাপালে হাছিনাই (Hasina Begum claims SI Junmoni Rabha was murdered) ।

সেয়ে উপায়ন্তৰ হৈ হাছিনাই সহকাৰী মহাপৰিদৰ্শক কৃষ্ণ দাসক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে । লগতে ঘটনা সন্দৰ্ভত ৯ জন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি হাছিনাই । ইয়াৰ ভিতৰত লখিমপুৰৰ পূৰ্বৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ASP) ৰুণা নেওগৰ নামো আছে (Assistant Inspector General) ৷

হাছিনা বেগমে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি সমগ্ৰ ঘটনা বিৱৰি কৈছো । মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে । লখিমপুৰ নাওবৈচাৰ ঘৰত থাকিব পৰা নাই । নকল নোট, নকল সোণৰ ব্যৱসায়ীৰ লগত আৰক্ষীৰ লোক জড়িত আছে । কাইলৈ লখিমপুৰলৈ যাম । লখিমপুৰৰ SP আনন্দ মিশ্ৰক লগ কৰিম’’ ৷

লগতে পঢ়ক :SI Junmoni Rabha Death: জোনবাইৰ দেশলৈ গুচি গ’ল SI জোনমণি; মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি

ABOUT THE AUTHOR

...view details