অসম

assam

মিষ্টাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খিতাপ অংকুৰজ্যোতিৰ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:32 PM IST

বৰপথাৰ মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় ভাৰোত্তোলন

সৰুপথাৰ, ২৬ ডিচেম্বৰ:ধনশিৰি মহকুমাৰ বৰপথাৰ মহাবিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ভাৰোত্তোলন, শক্তি উত্তোলন আৰু শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ সোমবাৰে সামৰণি পৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৩৫খন মহাবিদ্যালয়ে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰে ।  

উক্ত প্ৰতিযোগিতাসমূহত সদৌ অসম ভাৰোত্তোলন সন্থাৰ সাধাৰণ সম্পাদক ভৱজ্যোতি গোস্বামী, ভাৰতীয় ভাৰোত্তোলন জুনিয়ৰ দলৰ মুখ্য প্ৰশিক্ষক অলকেশ বৰুৱা, এন আই এছ প্ৰশিক্ষক তথা অসম ভাৰোত্তোলন সন্থাৰ কোষাধ্যক্ষ শান্তনু গগৈ, অসম শক্তি উত্তোলক সন্থাৰ সাধাৰণ সম্পাদক অজয় চেতিয়া আৰু গোলাঘাট ভাৰোত্তোলন সন্থাৰ সভাপতি জিতুল ফুকনকে ধৰি ২২গৰাকী ৰাজ্যিক,ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী উপস্থিতি থাকে ।  

উক্ত প্ৰতিযোগিতাত মিষ্টাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খিতাপ লাভ কৰে যোৰহাট কলেজৰ অংকুৰজ্যোতি গোস্বামীয়ে । আনহাতে, মহিলাৰ  শ্ৰেষ্ঠ ভাৰোত্তোলক আৰু ষ্ট্ৰং ৱে'মেনৰ খিতাপ লাভ কৰে নাজিৰা কলেজৰ মাৰ্টিনা মিলি, পুৰুষৰ শ্ৰেষ্ঠ ভাৰোত্তোলক নাহৰকটীয়া কলেজৰ মনোৰঞ্জন ঢেকিয়াল আৰু পুৰুষৰ ষ্ট্ৰং মেন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ খিতাপ লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰদ্যুৎ পান্না বৰুৱাই ।  

লগতে পঢ়ক:টিকট দিয়া-নিদিয়াটো দলৰ ওপৰত নিৰ্ভৰ কৰে : প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details