অসম

assam

Cyber crime: চাইবাৰ ক্ৰাইমৰ সৈতে জড়িত সাত যুৱকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:40 AM IST

সাতজন যুৱকক গ্ৰেপ্তাৰ

দৰং, 30 ছেপ্টেম্বৰ : সমাজত আচৰিত ধৰণে বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম ৷ চাইবাৰ ক্ৰাইমৰ ফলত বহু সময়ত বহুজনে মানসিকভাৱে হাৰ মানি চৰম সিদ্ধান্ত লোৱাৰো উদাহৰণ আছে ৷ চাইবাৰ ক্ৰাইমৰ ফলত বিশেষকৈ যুৱতীসকল ভুক্তভোগী হোৱা পৰিলক্ষিত হৈছে ৷ বহু যুৱকে-যুৱতীৰ ফটো নগ্ন ৰূপত সামাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে শেহতীয়াকৈ মৰ্ফ কৰি বহুতকে ব্লেকমেইল কৰাৰ খবৰ আহি পৰিছে ৷ চাইবাৰ ক্ৰাইমৰ ফলত বহুতে মুহূৰ্ততে কষ্টোপাৰ্জিত ধনো হেৰুৱাই পেলাইছে ৷

শেহতীয়াকৈ চাইবাৰ ক্ৰাইমৰ সৈতে জড়িত সাতজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটী ভেটাপাৰাৰ পৰা । শনিবাৰে সাতোজনকে মঙলদৈ PSI কৰ্টত হাজিৰ কৰাই দৰং আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা সাতজন যুৱকৰ নাম হৈছে হুছেইন আলী (২৩), ফাইজুল ইছলাম (২৭), ইজাজ আহমেদ (২৬), মুক্তাৰ আলী (২১), হবিবুল্লা (২৩), হাচান আলী (১৭) আৰু মোজাজিল হুছেইন (২৩)। যুৱক কেইজনৰ পৰা ১৭ খন ATM Card, ৮ টা মোবাইল, ১ টা Swipe Machine, বাৰ কড সহ বহু আপত্তিজনক নথি উদ্ধাৰ কৰে আৰক্ষীয়ে । দৰং আৰক্ষীয়ে আটক কৰা যুৱক কেইজন নগাঁও, হাজো, বৰক্ষেত্ৰীৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Cyber crime in Assam : চাইবাৰ ক্ৰাইমৰ হটস্পটলৈ পৰিণত অসম; 5 জিলাৰ পৰা নিয়ন্ত্ৰণ চাইবাৰ ক্ৰাইম

ABOUT THE AUTHOR

...view details