ETV Bharat / state

Cyber crime in Assam : চাইবাৰ ক্ৰাইমৰ হটস্পটলৈ পৰিণত অসম; 5 জিলাৰ পৰা নিয়ন্ত্ৰণ চাইবাৰ ক্ৰাইম

author img

By

Published : Apr 8, 2023, 12:41 PM IST

Cyber criminal robbed couple in Guwahati
চাইবাৰ ক্ৰাইমৰ হটস্পটলৈ পৰিণত অসম

চাইবাৰ ক্রাইম সংঘটিত হোৱা দেশৰ এখন অন্যতম ৰাজ্যত পৰিণত হৈছে অসম (Cyber crime cases in Assam) । অসমৰ পাঁচখন জিলা চাইবাৰ ক্ৰাইমৰ হটস্পটলৈ পৰিণত হৈছে । বৰপেটা, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও আৰু নগাঁও জিলাৰ পৰা নিয়ন্ত্রণ হয় বিভিন্ন চাইবাৰ ক্রাইমৰ ঘটনা ।

গুৱাহাটী,৮ এপ্ৰিল: ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । দিন দুপৰতে চুৰি-ডকাইতি, হত্যা, ধৰ্ষণ যেন নিত্য নৈমিত্তিক ঘটনাৰ দৰে হৈ পৰিছে । বিভিন্ন ধৰণৰ অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ চিন্তনীয় ৰূপত বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম (Cyber crime cases in Assam) । ৰাজ্যখনত অনলাইন অপৰাধৰ ঘটনা শেহতীয়াকৈ অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে (Huge increase in Cyber crime in Assam) ।

ইফালে এজনৰ পাচত আন এজন লোক এনে চাইবাৰ অপৰাধীৰ পাকচক্ৰত পৰি হেৰুৱাইছে ধন । শেহতীয়াকৈ গুৱাহাটীৰ গীতানগৰৰ এহাল দম্পত্তিয় এনে চাইবাৰ অপৰাধীৰ কৱলত পৰি হেৰুৱাবলগীয়া হ'ল সাঁচতীয়া ধন (Cyber criminal robbed couple in Guwahati) । গীতানগৰৰ দীনেশ চন্দ্ৰ দত্ত আৰু তেওঁৰ পত্নীৰ পৰা চাইবাৰ অপৰাধীয়ে সৰকাই নিলে ৭ লাখ ৬১ হাজাৰ টকা । চাইবাৰ অপৰাধী চক্ৰটোৱে দীনেশ চন্দ্ৰ দত্তৰ একাউণ্টৰ পৰা ৪ লাখ ৩ হাজাৰ ৯০০ টকা সৰকাই নিয়াৰ বিপৰীতে তেওঁৰ পত্নীৰ একাউণ্টৰ পৰা সৰকাই নিলে ৩ লাখ ৪৭ হাজাৰ ১০০ টকা ।

লক্ষ্যনীয় বিষয় যে এতিয়া চাইবাৰ ক্রাইম সংঘটিত হোৱা দেশৰ এখন অন্যতম ৰাজ্যত পৰিণত হৈছে অসম। আনকি অসমৰ পাঁচখন জিলা চাইবাৰ ক্ৰাইমৰ হটস্পটলৈ পৰিণত হৈছে (Five districts of Assam as hotspots of cybercrime) । ঝাৰখণ্ডৰ ‘জামতৰা' সদৃশ এই পাঁচখন জিলা হৈছে ক্ৰমে বৰপেটা, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও আৰু নগাঁও । গৃহ বিভাগৰ এটা শীৰ্ষ সূত্ৰই সদৰী কৰা মতে এই পাঁচখন জিলাৰ পৰাই নিয়ন্ত্রণ হয় বিভিন্ন চাইবাৰ ক্রাইমৰ ঘটনা ।

লক্ষ্যনীয় বিষয় যে চাইবাৰ ক্ৰাইমৰ ক্ষেত্রত শেহতীয়াকৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে দেশৰ ৯ খন ৰাজ্যৰ ৩২ টা স্থান চিনাক্ত কৰিছে । উক্ত ৩২ টা স্থানৰ পৰাই দেশৰ বিভিন্ন প্রান্তত সংঘটিত চাইবাৰ ক্রাইম নিয়ন্ত্রিত হৈ আহিছে । তথ্য অনুসৰি অসমৰ পাঁচখন জিলাৰ উপৰি হাৰিয়ানাৰ ৭ টা স্থান, দিল্লীৰ ৬ টা, বিহাৰৰ ৬ টা, ঝাৰখণ্ডৰ ২ টা, পশ্চিম বংগৰ ২ টা, গুজৰাটৰ ২ টা, উত্তৰ প্ৰদেশৰ ১ টা আৰু অন্ধ্ৰ প্ৰদেশৰ ১ টা স্থানক চাইবাৰ ক্ৰাইমৰ হটস্পট হিচাবে চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে পূর্বতে সমগ্র দেশতে সংঘটিত চাইবাৰ ক্ৰাইমৰ ঘটনা ঝাৰখণ্ডৰ জামতাৰাৰ পৰা নিয়ন্ত্ৰণ কৰা হয় বুলি সকলোৱে জানিছিল । কিন্তু এতিয়া জামতাৰাৰ দৰে স্থান অসমতো দেখা পোৱা গৈছে । যিটো অত্যন্ত উদ্বেগৰ বিষয় হিচাবে বিবেচিত হৈছে । ইফালে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰতেই ৰাজ্যখনত সংঘটিত হৈছে মুঠ ১৩,৭৪৯ টা চাইবাৰ ক্রাইমৰ ঘটনা ।

লোকসভাৰ মজিয়াত কেন্দ্রীয় গৃহ মন্ত্রালয়ে(Union Ministry of Home Affairs) প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৭ চনত অসমত ১১২০টা চাইবাৰ ক্রাইমৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১৮ চনত ২০২২ টা, ২০১৯ চনত ২২৩১ টা, ২০২০ চনত ৩৫৩০ টা আৰু ২০২১ চনত সৰ্বাধিক ৪৮৪৬ টা ঘটনা সংঘটিত হৈছে । অৱশ্যে অসম আৰক্ষীৰ তথ্য মতে ২০২২ চনত চাইবাৰ ক্ৰাইমৰ সংখ্যা ১৭৮১ টালৈ হ্ৰাস পায়।

মন কৰিবলগীয়া কথা যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতে সৰ্বাধিক চাইবাৰ ক্ৰাইম সংঘটিত হৈছে । ইয়াৰ বিপৰীতে উত্তৰ-পূৱৰ আন আন ৰাজ্যসমূহত সংঘটিত চাইবাৰ ক্ৰাইমৰ ঘটনা যথেষ্ট কম । উল্লেখ্য যে চলিত বৰ্ষটো ৰাজ্যখনত বহু সংখ্যক চাইবাৰ ক্ৰাইমৰ ঘটনা সংঘটিত হৈছে । আনহাতে চাইবাৰ ক্ৰাইমৰ সকলো ঘটনা পঞ্জীয়নো নহয় ।

লগতে পঢ়ক: Drug mafia in Tinsukia: ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সৰৱ হ’ল ৰাইজ; আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.