অসম

assam

Golden jubilee of Lakhimpur Commerce College:লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 2:26 PM IST

সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

লখিমপুৰ, ২ নৱেম্বৰ : লখিমপুৰৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটি বৃহস্পতিবাৰৰ পৰা এক উৎসৱমূখৰ পৰিৱেশত তিনিদিনীয়াকৈ আৰম্ভ কৰা হৈছে । এই অনুষ্ঠানৰ প্ৰথম দিনা কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লখিমপুৰ নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এই কাৰ্যসূচীৰ পুৱা ৫০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০ খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় । পতাকা উত্তোলনৰ পাচতে মহাবিদ্যালয়খনলৈ অৱদান আগবঢ়াই যোৱা ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । পৰৱৰ্তী সময়ত প্ৰথম দিনৰ কাৰ্যসূচীত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু উচ্চ শিক্ষানুষ্ঠান আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি শীর্ষক আলোচনা চক্ৰ, স্মৃতি গ্ৰন্থ উন্মোচন, সাংস্কৃতিক সন্ধিয়া আদিৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

আলোচনা চক্ৰত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, কেন্দ্ৰীয় শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড৹ ৰাজকুমাৰ ৰঞ্জন সিং, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত, সাংসদ প্ৰদান বৰুৱা, অল ইণ্ডিয়া প্ৰিন্সিপাল কাউন্সিলৰ সভাপতি ড৹ সঞ্জয় ভাকিলসহ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । বিশিষ্ট ব্যক্তিসকল ইতিমধ্যে আহি উপস্থিত হৈছেহি । নাহিদ আফ্ৰিন আৰু মহেন্দ্ৰ হাজৰিকাৰ গীতৰ শৰাইৰে সোণালী জয়ন্তীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ ওৰ পৰিব ৷

লগতে পঢ়ক :Lakhimpur planetarium:লখিমপুৰৰ তাৰকাগৃহই উপকৃত কৰিছে শিক্ষার্থীক

ABOUT THE AUTHOR

...view details