অসম

assam

SI Junmoni Rabha death case : চি বি আইৰ দলে আৰম্ভ কৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত

By

Published : Jun 17, 2023, 1:58 PM IST

চি বি আইৰ দল আৰম্ভ কৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত

নগাঁও, 17 জুন : এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ নগাঁৱত উপস্থিত হোৱা চি বি আইৰ দলে তৃতীয় দিনাও অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া । শনিবাৰে চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত এটা দল পুৱাই উপস্থিত হয় নগাঁও আৰক্ষী ছাউনিত । নগাঁও আৰক্ষী ছাউনিত উপস্থিত হোৱা চি বি আইৰ দলটোৱে নগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত তদন্ত চলোৱাৰ সম্ভাৱনা আছে, যিহেতু ঘটনাটোৰ সৈতে তদানীন্তন নগাঁও আৰক্ষীৰ বিৰুদ্ধেও বহু অভিযোগ উত্থাপন হৈছিল । 

উল্লেখ্য যে, শুকুৰবাৰে চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত দলটোৱে এছ আই জোনমণি ৰাভাৰ বাসগৃহত উপস্থিত হৈ গ্ৰহণ কৰিছিল জোনমণি ৰাভাৰ মাতৃ আৰু পৰিয়ালৰ ভাষ্য ।  তাৰ পিছতে শনিবাৰে পুৱা চি বি আইৰ দলটো উপস্থিত হয় নগাঁও আৰক্ষী ছাউনিত ।

ABOUT THE AUTHOR

...view details