ETV Bharat / state

SI Junmoni Rabha death case : জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ৪ টা গোচৰলৈ তদন্তত চি বি আইৰ দল

author img

By

Published : Jun 15, 2023, 12:35 PM IST

Updated : Jun 15, 2023, 2:01 PM IST

CBI probe of SI Junmoni Rabha death case
জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা

চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত তদন্তকাৰী দল গুৱাহাটীৰ পৰা নগাঁৱলৈ । চি বি আইৰ দলটোৱে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ চাৰিটা গোচৰৰ তদন্ত কৰিব । চি বি আইলৈ তদন্ত প্ৰক্ৰিয়া যোৱাৰ বাবে জোনমণি ৰাভাৰ মাতৃ আৰু ভাতৃয়ে সন্তষ্টি প্ৰকাশ ।

গুৱাহাটী, ১৫ জুন : এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাৰ তদন্তৰ দায়িত্ব লৈ অভিযানত নামি পৰিছে চি বি আইৰ দল । উল্লেখ্য যে, ১৫ মে'ৰ পুৱতি নিশা নগাঁৱৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল এছ আই জোনমণি ৰাভাৰ । কিন্তু জোনমণি ৰাভাৰ এই পথ দুৰ্ঘটনাক লৈ সৃষ্টি হৈছিল বহু ৰহস্য । হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচৰে পৰা এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছিল পৰিয়ালৰ লোককে ধৰি বিভিন্ন দল-সংগঠনে । ঘটনাৰ চি বি আইৰ তদন্ত দাবী কৰিছিল সকলোৱে । অসম চৰকাৰে ঘটনাৰ চি আই ডি তদন্ত দিছিল যদিও পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চি বি আই তদন্ত দিয়াৰ কথা ঘোষণা কৰে । অৱশেষত বুধবাৰে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইক আনুষ্ঠানিকভাৱে অৰ্পন কৰা হয় ।

দায়িত্ব গ্ৰহণ কৰিয়ে ঘটনা সংঘটিত হোৱাৰ এটা মাহৰ পাচত চি বি আইৰ তদন্তকাৰী দল আহি গুৱাহাটীত উপস্থিত হয় । চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত এটা দল আহি বুধবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় । এই দলটোৱে জোনমণি ৰাভাৰ ঘটনাৰ তদন্ত কৰিব । ইতিমধ্যে চি বি আইৰ তদন্তকাৰী দলটো নগাঁৱলৈ ৰাওনা হৈছে । ইফালে চি বি আইলৈ এই তদন্তৰ প্ৰক্ৰিয়া যোৱাৰ বাবে জোনমণি ৰাভাৰ মাতৃ আৰু ভাতৃয়ে সন্তষ্টি প্ৰকাশ কৰিছে ।

জোনমণি ৰাভাৰ মাতৃয়ে কয় যে জোনমণি ৰাভাও আছিল এগৰাকী আৰক্ষী বিষয়া । জোনমণি ৰাভাই যিসকলৰ লগত কাম কৰিছিল তেওঁলোকো আৰক্ষী বিষয়া । এই গোচৰৰ তদন্ত সকলো আৰক্ষী বিষয়া । চি বি আইৰ যিগৰাকী তদন্তকাৰী বিষয়া আহিছে তেওঁ এগৰাকী মহিলা বিষয়া । গতিকে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ লগত হোৱা এই ঘটনা সঠিক ভাৱে তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়ক বুলি জোনমণি ৰাভাৰ মাতৃয়ে আহ্বান জনায় ।

লগতে পঢ়ক : SI Junmoni Rabha death case: লীনা দলেৰ কাৰ্যাকালত নগাঁৱত কোন কোন আৰক্ষী বিষয়াই গঢ়িলে সম্পত্তিৰ পাহাৰ ?

ইফালে জোনমণিৰ জ্যেষ্ঠ ভাতৃয়ে কয় যে চি বি আইৰ দল আহি গুৱাহাটীত উপস্থিত হৈছেহি বুলি শুনিছো । চি বি আইয়ে তদন্তৰ আওঁতালৈ সকলোকে আনক । সেই সময়ৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি আন বিষয়া আৰু সকলো লোককে তদন্তৰ আওতালৈ আনিবলৈ তেওঁ দাবী জনায় । উল্লেখ্য যে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জনোৱা মতে, চি বি আইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ৪ টা গোচৰৰ তদন্ত কৰিব ।

লক্ষণীয় বিষয় যে, সোমবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে দিল্লীত চি বি আইৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জোনমণিৰ মৃত্যুৰ প্ৰসংগক লৈ আলোচনাত মিলিত হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ ডিপার্টমেন্ট অৱ পাৰ্চনেল ট্ৰেইনিঙে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটোৰ চি বি আয়ে তদন্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে । নিৰ্দেশনাটোত চি বি আয়ে তদন্তত জোনমণি ৰাভাৰ মৃত্যুৰ সংক্ৰান্তত ৰুজু হোৱা ৪ টা গোচৰক সামৰি ল'ব বুলিও সদৰী কৰা হয় ।

জোনমণি ৰাভাই ৫ মে'ত নগাঁও থানাত ৪৪৩/২০২৩ নম্বৰত ৰুজু হোৱা গোচৰটোৰ ভিত্তিত লখিমপুৰত জালনোট বেপাৰী আজগৰ আলীৰ ঘৰত অভিযান চলাইছিল । সেই গোচৰটোকো তদন্ত কৰিব চি আই ডিয়ে । আনহাতে আজগৰৰ মাতৃ আমিনা খাতুনে জোনমণি ৰাভাই পুত্ৰ আজগৰক অপহৰণ আৰু ধন লুট কৰাৰ সন্দৰ্ভত উত্তৰ লখিমপুৰ থানাত ৰুজু কৰা ১৮৩/২৩ নম্বৰৰ গোচৰটোও চি বি আইৰ তদন্তৰ আউটিত থাকিব ।

তদুপৰি জোনমণি ৰাভাৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ৰুজু কৰা ৮৪/২৩ নম্বৰৰ নিজাববীয়া গোচৰটোৰ লগতে জোনমণিৰ মাতৃয়ে জখলাবন্ধা থানাত দাখিল কৰা ৮৭/২০২৩ নম্বৰৰ গোচৰ দুটাৰো তদন্ত কৰিব চি আই ডিয়ে । অৱশ্যে চি আই ডিৰ তদন্তত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব নে নাই, সেয়া সময়তহে স্পষ্ট হ’ব ।

লগতে পঢ়ক : Junmoni Rabha death case: অপৰাধ জগতৰ সৈতে মধুৰ সম্পৰ্ক আছে আৰক্ষীৰ; ডি ৱাই এফ আই

Last Updated :Jun 15, 2023, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.