SI Junmoni Rabha death case: লীনা দলেৰ কাৰ্যাকালত নগাঁৱত কোন কোন আৰক্ষী বিষয়াই গঢ়িলে সম্পত্তিৰ পাহাৰ ?

author img

By

Published : May 27, 2023, 6:30 PM IST

SI Junmoni Rabha death case
SI Junmoni Rabha death case ()

SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত আছে ৷ কিন্তু শেহতীয়াই পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য ৷ নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ কাৰ্যকালত একাংশ আৰক্ষী বিষয়াই সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন হৈছে ৷ কোন আৰক্ষী বিষয়াই নগাঁৱত গঢ়িলে বিশাল সম্পত্তি ? চাওক এই প্ৰতিবেদনত (SI Junmoni Rabha case) ৷

লীনা দলেৰ কাৰ্যাকালত নগাঁৱত কোন কোন আৰক্ষী বিষয়াই গঢ়িলে সম্পত্তিৰ পাহাৰ ?

নগাঁও, 27 মে’: এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই সৃষ্টি হোৱা ৰহস্য ভেদ কৰিবলৈ তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীৰ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়ে । প্ৰায় দহ দিনে অব্যাহত ৰখা অনুসন্ধানত চি আই ডিয়ে লাভ কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য । এছ আই জোনমণি ৰাভাৰ মৃত্যু আৰু আৰু লখিমপুৰ আৰক্ষী থানাত আৰক্ষীৰ বিৰুদ্ধেই ৰুজু হোৱা গোচৰৰ বিষয়টোও সম্প্ৰতি তদন্তৰ ভিতৰত (Junmoni Rabha case update) ।

ইয়াৰ মাজতেই হয়তো চি আই ডিয়ে লাভ কৰিছে আৰক্ষীৰ লুটপাতৰো বহু তথ্য । জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই প্ৰথমে চকী এৰিব লগীয়া হোৱা নগাঁও সদৰ আৰক্ষী থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক নিলম্বনো কৰিছে বিভাগে । মনোজ ৰাজবংশীক নিলম্বন কৰাৰ পিচতেই নগাঁৱৰ একাংশ আৰক্ষীৰ দুৰ্নীতিৰ প্ৰসংগও চর্চা লাভ কৰিছে সামাজিক মাধ্যমৰ লগতে বিভিন্ন মহলত।

নকল সোণ আৰু জালনোট সৰবৰাহকাৰীৰ ধনৰ ভাগ পোৱাৰ অভিযোগতে মনোজ ৰাজবংশীক নিলম্বন কৰাৰ প্ৰসংগও লাভ কৰিছে ব্যাপক চৰ্চা (Fake gold racket in Assam) । ইয়াৰ মাজতেই সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছে লীনা দলেৰ অতি ঘনিষ্ঠ হিচাবেই পৰিচিত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ বিশাল সম্পত্তিৰ প্ৰসংগও । ইতিধ্যেই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আভাজ্যোতি ৰাভাৰ বিশাল সম্পত্তি তদন্ত কৰিবলৈ নিৰ্দেশ দিছে দুৰ্নীতি নিবাৰক শাখাক ৷

এছ আই আভাজ্যোতি ৰাভাৰ (SI Abhajyoti Rabha) সম্পত্তি পোহৰলৈ অহাৰ পিচত এতিয়া লীনা দলেৰ (SP Leena Doley) কাৰ্যকালত নগাঁৱৰ বিভিন্ন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লাভ কৰা আৰক্ষী বিষয়াৰ সম্পত্তিৰ তদন্তৰ দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷

উল্লেখযোগ্য যে, এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত নাম সাঙোৰ খোৱা প্ৰায় আৰক্ষী বিষয়াক ইতিমধ্যেই দিয়া হৈছে বদলি অথবা নিলম্বনৰ নিৰ্দেশ। কিন্তু এই পৰ্যন্ত যেন সম্পূৰ্ণ নিৰাপদে আছে জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰত নাম উল্লেখ থকা ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদ । জোনমণি ৰাভাৰ মাতৃৰ ম’বাইলৰ পৰা তথ্য নষ্ট কৰা, মাতৃৰ পৰা উকা কাগজত চহী লোৱাৰ অভিযোগত অভিযুক্ত ৰাজা ইৰ্শ্বাদক ইতিমধ্যেই চি আই ডিয়ে জেৰা কৰিছে যদিও বিভাগীয়ভাৱে গ্ৰহণ কৰা হোৱা নাই কোনো ব্যৱস্থা ।

ইফালে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ চি আই ডিয়েও কোনো ক্ৰুটি ৰৈ নোযোৱাকৈ অব্যাহত ৰাখিছে অনুসন্ধান । খোদ চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ে নিজেই তদাৰক কৰিছে তদন্ত প্ৰক্ৰিয়াৰ । চি আই ডিৰ তদন্ততেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য।

লগতে পঢ়ক: SI Junmoni Rabha Death: নিলম্বিত হ'ল বিতৰ্কিত আৰক্ষী বিষয়া মনোজ ৰাজবংশী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.