SI Junmoni Rabha Death: নিলম্বিত হ'ল বিতৰ্কিত আৰক্ষী বিষয়া মনোজ ৰাজবংশী

author img

By

Published : May 25, 2023, 10:16 AM IST

SI Junmoni Rabha Death

জোনমণি ৰাভাৰ মৃত্যু-বিতৰ্কত সাঙোৰ খাই চাকৰিৰ পৰা নিলম্বিত হ'ল নগাঁও সদৰ আৰক্ষী থানাৰ পৰা সদ্যবদলি হোৱা ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী । অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে নিলম্বন কৰিলে মনোজ ৰাজবংশীক (SI Junmoni Rabha Death) ৷

নগাঁও, ২৫ মে': অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ'ল নগাঁও সদৰ আৰক্ষী থানাৰ পৰা সদ্যবদলি হোৱা ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী (Nagaon OC Manoj Rajbongshi Suspended)। এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই পৰাৰ পিচত নগাঁও সদৰ আৰক্ষী থানাৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ সংলগ্ন কৰা পৰিদৰ্শক মনোজ ৰাজবংশীক বুধবাৰে তৎকাল বলবৎ হোৱাকৈ বিভাগীয় এক নিৰ্দেশ অনুযায়ী সেৱাৰ পৰা নিলম্বিত কৰা হয় (SI Junmoni Rabha Death) ।

SI Junmoni Rabha Death
নিলম্বিত হ'ল বিতৰ্কিত আৰক্ষী পৰিদৰ্শক মনোজ ৰাজবংশী

উল্লেখ্য যে, ১৫ মে'ত এক ৰহস্যজনক পথ দুর্ঘটনাত নগাঁৱৰ জখলাবন্ধাত নিহত হৈছিল নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা (Junmoni Rabha mysterious death) । এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া আজিও অব্যাহত । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়ে হাতত লোৱাৰ পিচত তদন্ত প্ৰক্ৰিয়া চি বি আই লৈ হস্তান্তৰ কৰা হয় ৷ (CBI probe Junmoni Rabha Death Case)

চি আই ডি তদন্তৰ সময়চোৱাত প্ৰথমে নগাঁৱৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ সংলগ্ন কৰা হয় । এতিয়া চি বি আই ৰ তদন্ত প্ৰক্ৰিয়া বহুখিনি আগবঢ়াৰ লগে লগে একশ্যন আৰম্ভ হৈছে অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে । (SI Junmoni Death Investigation)

উল্লেখযোগ্য যে, আৰক্ষীৰ পৰিদৰ্শক পৰ্যায়ৰ বিষয়া মনোজ ৰাজবংশীৰ নাম এজাহাৰত উল্লেখ কৰিছে এছ আই জোনমণি ৰাভাৰ মাতৃয়ে । তাৰ পিচৰ পৰাই কেইবাবাৰো চি আই ডিৰ মাৰাথন জেৰাৰ সন্মুখীন হৈছিল আৰক্ষী বিষয়া মনোজ ৰাজবংশী ।

লগতে পঢ়ক: Reshuffle in Assam Police: আৰক্ষী অধীক্ষকৰ পাচত এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.