SI Junmoni Rabha death case: পুনৰ CID ৰ জেৰাৰ সন্মুখীন OC মনোজ ৰাজবংশী

By

Published : May 23, 2023, 9:18 PM IST

Updated : May 23, 2023, 9:24 PM IST

thumbnail

নগাঁও, 23 মে’: অসম আৰক্ষীৰ SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগত পুনৰ CID ৰ জেৰাৰ সন্মুখীন OC মনোজ ৰাজবংশী আৰু মৰিকলং আৰক্ষী । SI জোনমণি ৰাভাৰ মৃত্যুক লৈ আজিও চাঞ্চল্য অব্যাহত সমগ্র ৰাজ্যত । ইপিনে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ তদন্ত CBI ক অৰ্পন কৰাৰ কথা ঘোষণা কৰা হৈছে যদিও অসম আৰক্ষীৰ অনুসন্ধান শাখাই ক্ষিপ্ৰতাৰে আগবঢ়াইছে তদন্ত (CID probe on SI Junmoni Rabha death case) ।

মঙলবাৰে পুনৰ কেইবাজনো আৰক্ষী বিষয়া জেৰাৰ সন্মুখীন হৈছে CID ৰ দলৰ । নগাঁও সদৰ আৰক্ষী থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী আৰু মৰিকলং আৰক্ষীক মঙলবাৰে পুনৰ জেৰা কৰে SP ধ্ৰুৱ বৰা নেতৃত্বাধীন CID ৰ দলে । ইপিনে একেটা দিনতে CID ৰ দলটোক সাক্ষাৎকাৰ কৰে নগাঁৱত নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তই (Nagaon SP met CID team) । 

লগতে পঢ়ক: Junmoni Rabha death incident: প্ৰসংগ নালিয়াৰ ভাষ্য; জখলাবন্ধা থানালৈ তলব দুই সাংবাদিক

Last Updated : May 23, 2023, 9:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.