ETV Bharat / state

Junmoni Rabha death case: অপৰাধ জগতৰ সৈতে মধুৰ সম্পৰ্ক আছে আৰক্ষীৰ; ডি ৱাই এফ আই

author img

By

Published : Jun 1, 2023, 6:43 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুৰ্নীতিগ্ৰস্ত ৰাজপত্ৰিত বিষয়াক সুৰক্ষা দিয়াৰ অভিযোগ ডি ৱাই এফ আইৰ ৷ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্য়ুৰ প্ৰসংগক লৈ বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিয়ে ৷

Junmoni Rabha death case
Junmoni Rabha death case

অপৰাধ জগতৰ হৈছে মধুৰ সম্পৰ্ক আছে আৰক্ষীৰ; ডি ৱাই এফ আই

গুৱাহাটী, 1 জুন: জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পিচতে পোহৰলৈ আহিছে অসম আৰক্ষীৰ ভিতৰচ’ৰাৰ ভয়ংকৰ তথ্য (SI Junmoni Rabha death case) ৷ আৰক্ষীৰ ভিতৰত চলি থকা এইসমূহ কেংলেংকাৰী আৰু অনিয়মৰ তদন্তৰ দাবী উত্থাপন কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিয়ে চমুৰৈ ডি ৱাই এফ আইয়ে ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে সংগঠনটোৱে ৷

সংগঠনটোৰ যুটীয়া সম্পাদক নিৰংকুশ নাথে কয় যে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাচতেই অসম আৰক্ষীৰ এটাৰ পিচত আনটো বিস্ফোৰক কাহিনী পোহৰলৈ আহিছে ৷ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা আৰু অসম পুলিচৰ অভিযোগনামাত নাম সন্নিবিষ্ট এচাম বিষয়াৰেই যেন চলিছে অসম আৰক্ষী তথা ৰাজ্যৰ প্ৰশাসন (DYFI slams Assam Police) ৷

এজনৰ পিচত আন এজন লাট মণ্ডল বা তলৰ খাপৰ চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰি বাহঃ বাহঃ লোৱা অসম পুলিচৰ ভিতৰচ’ৰাৰ ভয়ংকৰ দুৰ্নীতি আৰু অপৰাধ জগতৰ সৈতে থকা মধুৰ সম্পৰ্কৰ ছবিখন জোনমণি ৰাভাৰ ঘটনাই স্পষ্ট কৰিলে কৰিলে বুলিও অভিযোগ উত্থাপন কৰে নিৰংকুশ নাথে ৷

জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰা নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বৰ্খাস্ত কৰাৰ পৰিৱৰ্তে আন এখন জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দি পুৰস্কৃত কৰাৰো অভিযোগ ডি ৱাই এফ আইৰ ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এচাম অভিযুক্ত আৰক্ষী তথা ৰাজপত্ৰিত বিষয়াক সুৰক্ষা দি আহিছে বুলিও কয় নিৰংকুশ নাথে ৷

তেওঁ লগতে কয় যে ৰাজ্য কঁপোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ ক্ষেত্ৰত গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰায় ৩৪ জন ৰাজপত্ৰিত আৰু আৰক্ষী বিষয়াক ঠগ-প্ৰবঞ্চনাৰে বাচনিভূক্ত হোৱা বুলি উল্লেখ কৰে (Assam APSC scam) ৷ লগতে ২০১৩ বৰ্ষৰ সেই সমগ্ৰ অসামৰিক সেৱা পৰীক্ষাটোৱেই চূড়ান্ত বে-আইনীভাৱে অনুষ্ঠিত হোৱা বুলি প্ৰকাশ কৰিছিল ৷ কিন্তু অসম চৰকাৰে বিগত বৰ্ষৰ ২ এপ্ৰিলত দাখিল কৰা সেই প্ৰতিবেদন আজি পৰ্যন্ত গ্ৰহণ নকৰিলে ৷

আনকি প্ৰতিবেদন ৰাজহুৱা কৰাৰ সৎ সাহসো এইখন চৰকৰৰ নহ’ল, বৰং একাংশ ঠগ-প্ৰৱঞ্চনাৰে বাচনিভূক্ত আৰক্ষী আৰু ৰাজপত্ৰিত বিষয়াক পদোন্নতিৰে পুৰস্কৃত কৰিলে বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ গতিকে এই সকলো বিষয়ৰ তদন্ত কৰাৰ লগতে ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰো দাবী উত্থাপন কৰে ডি ৱাই এফ আইয়ে ৷

লগতে পঢ়ক: Mira Borthakur: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.