অসম

assam

Junmoni rabha death case : ঘটনা সন্দৰ্ভত 3 আৰক্ষী বিষয়াক জেৰা চিবিআইৰ

By

Published : Jun 19, 2023, 2:17 PM IST

চি বি আইৰ জেৰা অব্যাহত

নগাওঁ, 19 জুন :  এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰখা চি বি আইৰ পুনৰ জেৰাৰ সন্মুখীন হৈছে তিনিগৰাকীকৈ অভিযুক্ত আৰক্ষী বিষয়া । দেওবাৰে চি বি আইৰ তীব্ৰ প্ৰশ্নবানৰ সন্মুখীন হোৱাৰ পিছত সোমবাৰে পুনৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বৰ তদন্তকাৰী চি বি আইৰ দলটোয়ে জেৰা চলাই আছে আৰক্ষী বিষয়া তিনিগৰাকীক । নগাঁও সদৰ আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া অভাজ্যোতি ৰাভা আৰু ধিং আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদ সোমবাৰে পুনৰ উপস্থিত হয় চি বি আইৰ দলটোৱে বাহৰ পাতি থকা নগাঁও আৱৰ্ত ভৱনত । 

ইপিনে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই ভাইৰেল হৈ পৰিছিল নগাঁও সদৰ আৰক্ষী থানাৰ গাড়ী চালক অনিল ভূঞাৰ এটা ফোন কল । সেয়ে এইগৰাকী গাড়ী চালক অনিল ভূঞাকো সোমবাৰে দ্বিতীয়বাৰৰ বাবে চি বি আয়ে জেৰা চলায় ।

লগতে পঢ়ক :bhaona organized by health worker : টিংখাঙত চিকিৎসা কৰ্মীৰ দ্বাৰা আয়োজিত হ’ল ভাওনা

ABOUT THE AUTHOR

...view details