ETV Bharat / state

bhaona organized by health worker : টিংখাঙত চিকিৎসা কৰ্মীৰ দ্বাৰা আয়োজিত হ’ল ভাওনা

author img

By

Published : Jun 19, 2023, 12:01 PM IST

108 মৃত্যুঞ্জয় সেৱাৰ সৈতে জড়িত কৰ্মীসকলে ডিব্ৰুগড় জিলাৰ টিংখাঙত আয়োজন কৰিলে ভাওনা ৷ ভাওনা অনুষ্ঠানত অংশগ্ৰহণ কৰিলে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ৷

bhaona organized by health worker
টিংখাঙত চিকিৎসা কৰ্মীৰ দ্বাৰা আয়োজিত হ’ল ভাওনা

শ্ৰী শ্ৰী দানবীৰ হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা

ডিব্ৰুগড়, 19 জুন : জৰুৰীকালীন চিকিৎসা সেৱাৰ সৈতে জড়িত ৰাজ্যৰ " 108 মৃত্যুঞ্জয় সেৱা"ৰ কৰ্মচাৰীসকলৰ অভিনৱ পদক্ষেপ । 2008 চনৰ পৰা অসমৰ স্বাস্থ্য খণ্ডৰ জৰুৰীকালীন সেৱাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে দেওবাৰৰ নিশা গুৰু দুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ পৰে । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় ৰঙাবননিৰ শংকৰী সংস্কৃতি কেন্দ্ৰ আৰু কাৰ্যালয়ৰ প্ৰাঙ্গণত " শ্ৰী শ্ৰী দানবীৰ হৰিশ্চন্দ্ৰ উপাখ্যান " নামৰ এখনি ভাওনাৰ আয়োজন কৰে 108 স্বাস্থ্যকৰ্মীসকলে । সন্মিলিত শিল্পী সমাজ ,আমগুৰিৰ শিল্পী সমাজৰ দ্বাৰা পৰিবেশিত হোৱা ভাওনাখনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই । অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে 108 মৃত্যুঞ্জয় সেৱাৰ ৰাজ্যিক বিষয়ববীয়া, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 108 স্বাস্থ্য কৰ্মী আৰু সহস্ৰাধিক ভকত- বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।

উল্লেখ্য যে, বিগত প্ৰায় 13 বছৰে অসমৰ যিকোনো বিপদসংকুল জৰুৰীকালীন অৱস্থাত আৰু ক'ভিড মহামাৰীৰ ভয়াৱহ সময়ছোৱাত 108 সেৱাই দিনে-নিশাই অতি নিষ্ঠাৰে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি আহিছে । তথাপিও এই সেৱাৰ দ্বাৰা সহস্ৰজনক নতুন জীৱন দিবলৈ সক্ষম হোৱাৰ বিপৰীতে জৰুৰীকালীন পৰিস্থিতিত বহু ৰোগী বা দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক চকুৰ আগতে মৃত্যুমুখত পৰাও প্ৰত্যক্ষ কৰিবলগীয়া হৈছে । বহু জৰুৰীকালীন সময়ত বহু ৰোগী অথবা দুৰ্ভগীয়াৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত অপাৰগ হ’বলগীয়া হৈছে এই জৰুৰীকালীন স্বাস্থ্য কৰ্মীসকল ৷ কৰ্তব্যৰ খাতিৰত এনেকুৱা কৰিবলগীয়া হোৱা কথাই এইসকল কৰ্মীক যথেষ্ট মনোকষ্ট দি আহিছে বুলিও আয়োজকসকলে জানিবলৈ দিয়ে ।

এই মনস্তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে অসমৰ জনগণৰ সৰ্বাংগীন বিকাশ আৰু কল্যাণৰ উদ্দেশ্যে 108 মৃত্যুঞ্জয় সেৱাৰ উদ্যোগত দেওবাৰে নিশা টিংখাঙত পৰিৱেশিত ভাওনাখনি উচ্চৰ্গা কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

লগতে পঢ়ক : Flood at Manikpur : মাণিকপুৰত বানৰ বিভীষিকা, নিৰ্বিকাৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.