ETV Bharat / state

Flood at Manikpur : মাণিকপুৰত বানৰ বিভীষিকা, নিৰ্বিকাৰ জিলা প্ৰশাসন

author img

By

Published : Jun 19, 2023, 11:14 AM IST

Flood at Manikpur of Bongaigaon
বানৰ কৱলত মাণিকপুৰ

বানত বুৰিছে ৰাজ্য ৷ বঙাইগাঁও জিলাৰ উত্তৰ সমষ্টিৰ আই আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে জিলাখনৰ কেবাখনো গাঁও । শংকিত ৰাইজ ৷

মাণিকপুৰত বানৰ বিভীষিকা

বঙাইগাঁও, 19 জুন : ৰাজ্যত বানৰ বিভীষিকা ৷ ৰাজ্যৰ কেইবাখনো জিলাত পৰিলক্ষিত হৈছে বানৰ ভয়াৱহ ৰূপ ৷ কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত কেইবাটাও গাওঁ বানপানীৰ কবলত পৰিছে । আই আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে 4, 5 আৰু 6 নং ভাণ্ডাৰা বানপানীৰ কবলত পৰিছে ।

মানাহ নদীৰ দুয়োপাৰে থকা গাঁওবোৰত ৰাজ্যৰ প্ৰথমটো বানে পৰিগ্ৰহ কৰিছে ভয়াৱহ, যাৰ ফলত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । ধাৰাবাহিক বৰষুণ দি থকাত নদীৰ পানী ফেনে-ফুটুকাৰে বাঢ়ি আহিছে । আনহাতে, ভাবুকি বৃদ্ধি পাইছে লুংঝাৰ কাঠৰ দলঙৰ প্ৰতি । ইয়াৰোপৰি, বিজনী পাতিলাদহা বজাৰ সংযোগী দলঙৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাত স্থানীয় ৰাইজে আগন্তুক সময় সন্দৰ্ভত আশংকাত ভোগা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, ডাঙাইগাঁওৰ পৰা ভাণ্ডাৰা হৈ কীৰ্ত্তনপাৰা পথৰ ওপৰেদি বাগৰিছে পানীৰ ঢল । যাৰ ফলত যাতায়ত বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে । উল্লেখনীয় বিষয় যে, যোৱাটো দশকত 2 নং বাশবাৰীত আই নদীৰ বানপানী আৰু গৰাখহনীয়াই অসমৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি পেলাইছিল এখন গাঁও, যি খন গাঁৱত প্ৰায় 250 টা অনুসূচীত জনজাতীয় পৰিয়ালে বসবাস কৰিছিল । বৰ্তমান স্থানীয় ৰাইজ পুনৰ সেই একেই আশংকাত ভোগা দেখিবলৈ পোৱা হৈছে ৷

নেৰানেপেৰা বৰষুণত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ পৰা সংশ্লিষ্ট ৰাইজ জিলাখনৰ আগন্তুক পৰিস্থিতি সন্দৰ্ভত সন্দিহান হৈ পৰিছে যদিও বানাক্ৰান্তৰ বাবে বিশেষ ভুমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই জিলা প্ৰশাসনে । তদুপৰি, পশুধন খাদ্য সংকটত ভুগিছে বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখযোগ্য বিষয় যে, ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে ভূমিস্খলন আৰু গৰাখহনীয়াই ৰাজ্যত ভয়াৱহ ৰূপ গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : allegation against haj committee: গুৱাহাটীৰ মুছাফিৰ খানাত চৰম অৱহেলাৰ সন্মুখীন হোৱাৰ অভিযোগ হজযাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.