ETV Bharat / state

allegation against haj committee: গুৱাহাটীৰ মুছাফিৰ খানাত চৰম অৱহেলাৰ সন্মুখীন হোৱাৰ অভিযোগ হজযাত্ৰীৰ

author img

By

Published : Jun 18, 2023, 11:10 PM IST

গুৱাহাটীৰ মুছাফিৰ খানাত অসমৰ হজসকলে চৰম অৱহেলাৰ সন্মুখীন হোৱাৰ অভিযোগ প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ ৷ বৰাকৰ হজ কমিটী ভংগ কৰিবলৈ দাবী জনায় প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

Ex MLA Anwar Hussain Laskar
প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ অভিযোগ

গুৱাহাটীৰ মুছাফিৰ খানাত চৰম অৱহেলাৰ সন্মুখীন হোৱাৰ অভিযোগ হজযাত্ৰীৰ

কৰিমগঞ্জ, 18 জুন: হাইলাকান্দিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ দলৰ বৰ্তমানৰ মুখপাত্ৰ আনোৱাৰ হুছেইন লস্কৰ বচ্চুৱে গুৱাহাটীৰ মুছাফিৰ খানাত অসমৰ হজ যাত্ৰীসকলে চৰম অৱহেলাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ এই অভিযোগৰ লগতে বৰাকৰ হজ কমিটি ভংগ কৰিবলৈ দাবী জনায় প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰ বচ্চুৱে অভিযোগ কৰে যে ৰাজ্য, কেন্দ্ৰীয় আৰু জিলা হজ কমিটিৰ বিষয়াসকলৰ বাবেই গুৱাহাটীত হজ যাত্ৰীসকলে চৰম দুখ-কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ইয়াৰ পূৰ্বে গুৱাহাটীৰ মুছাফিৰখানাত হজ যাত্ৰীসকলে ইমান কষ্ট পোৱা নাছিল বুলি মন্তব্য কৰে তেওঁ ৷ লগতে প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰে বিগত 30 বছৰ ধৰি স্বেচ্ছাই হজ যাত্ৰীক সেৱা আগবঢ়াই আহিছে বুলিও মন্তব্য কৰে ৷

তেওঁ লগতে কয় যে, বিশেষকৈ বৰাক উপত্যকাৰ হজ যাত্ৰীসকলক গুৱাহাটীলৈ উৰাজাহাজত তিনিদিন পূৰ্বে গুৱাহাটীলৈ অনাৰ সময়ত অপ্ৰয়োজনীয়ভাৱে অতিৰিক্ত ধন খৰচ কৰিবলগীয়া হোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ল বুলি বিধায়কগৰাকীয়ে কয় ৷ মুছাফিৰ খানাত থকা হজ যাত্ৰীসকলক ভালদৰে সুবিধা প্ৰদান কৰা হোৱা নাই বুলি কৈ প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে, অতিথিশালাত অৰাজকতাৰ বাবে হজ যাত্ৰীসকলে হোটেল ভাড়ালৈ অতিৰিক্ত ধন খৰচ কৰিবলগীয়া হয় ৷

প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰে কয় যে ৰাজ্য আৰু জিলা সমিতিৰ বিষয়াসকলে গুৱাহাটীত থকা হজ যাত্ৰীৰ কোনো তথ্য ৰখা নাছিল ৷ যদিও হজ যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছিল, তথাপিও হজ কমিটীৰ কোনো বিষয়াক এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নগ’ল ৷ গতিকে এই ক্ষেত্ৰত বৰাকৰ তিনিখন জিলাৰ হজ কমিটী ভংগ কৰাৰ দাবী জনাইছে প্ৰাক্তন বিধায়ক আনোৱাৰে ৷

বৰাকৰ তিনিখন জিলাত হজ কমিটি গঠন প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ এই সন্দৰ্ভত তেওঁ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ জিলা দণ্ডাধীশৰ হস্তক্ষেপ বিচাৰে ৷ প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰে অভিযোগ কৰে যে জিলা হজ কমিটিসমূহ কেৱল নামতহে আছে ৷ আনহাতে পূৰ্বে অসমৰ হজযাত্ৰী সকলে গুৱাহাটীৰ পৰা বিমানেৰে পোনপটীয়াকৈ চৌদি আৰৱলৈ যাব লগা হয় যদিও এইবাৰ অসমৰ হজযাত্ৰী সকলে ছৌদিৰ বিমান ধৰিবলৈ দিল্লী আৰু মুম্বাইলৈ যাব লগা হৈছে ৷ লগতে তেওঁ অভিযোগ কৰে যে চাৰ্টাৰ্ড বিমানৰ ধন স্থানীয় বিমানত থকা হজ যাত্ৰীসকলৰ পৰা লোৱা হৈছে ৷

লগতে পঢ়ক: JP Nadda in Jorhat: যোৰহাটৰ বিশিষ্ট ক্ৰীড়া সংগঠক ৰক্তিম শইকীয়াক সাক্ষাৎ জে পি নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.