JP Nadda in Jorhat: যোৰহাটৰ বিশিষ্ট ক্ৰীড়া সংগঠক ৰক্তিম শইকীয়াক সাক্ষাৎ জে পি নাড্ডাৰ

By

Published : Jun 18, 2023, 8:40 PM IST

thumbnail

যোৰহাট, 18 জুন: বিজেপি নেতৃত্বাধীন মোদী চৰকাৰে সম্পূৰ্ণ কৰিলে 9 টা বছৰ ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ 9 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চৰকাৰে এই ন বছৰীয়া কাৰ্যকালত কৰা উন্নয়ন আৰু বিভিন্ন কৰ্মৰাজি ৰাইজ মাজলৈ লৈ যোৱা প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান ৷

এই অভিযানৰ অংশ হিচাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৰহাট কে বি ৰোডৰ বিশিষ্ট ক্ৰীড়া সংগঠক ৰক্তিম শইকীয়াৰ বাসগৃহত উপস্থিত হয় ৷ ক্ৰীড়া সংগঠক ৰক্তিম শইকীয়াক সাক্ষাৎ কৰি বিজেপি চৰকাৰে 9 টা বছৰে কৰা উন্নয়নৰ বিষয়ে বিৱৰণ দিয়াৰ লগতে তেওঁৰ পৰা বিভিন্ন পৰামৰ্শ বিচাৰে ৷ ক্ৰীড়া সংগঠক হিচাবে ৰক্তিম শইকীয়াই ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ সান্নিধ্য লাভ কৰি আল্পুত হৈ পৰা বুলি মন্তব্য কৰে ৷ 

লগতে পঢ়ক: Mann Ki Baat : দেশৰ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.