ETV Bharat / bharat

Mann Ki Baat : দেশৰ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jun 18, 2023, 3:35 PM IST

Mann Ki Baat
দেশৰ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোডী

অহা সপ্তাহত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । সেয়ে আগতীয়াকৈ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ । ঘূৰ্ণীবতাহ বিপৰ্যয় সময়ত কচ্ছৰ জনসাধাৰণে দেখুওৱা সাহস আৰু প্ৰস্তুতিক প্ৰশংসা কৰে ।

নেশ্যনেল ডেস্ক,১৮ জুন : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ দুৰ্যোগ ব্যৱস্থাপনাক উচ্চ প্ৰশংসা কৰে । মন কী বাত অনুষ্ঠানত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে । আনহাতে এই পৰিস্থিতিত দুৰ্যোগ ব্যৱস্থাপনাৰ কামৰো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, দেওবাৰে মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মন কী বাত অনুষ্ঠানত তেওঁ শেহতীয়াকৈ ধ্বংস লীলা চলাই থৈ যোৱা ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ কথা উল্লেখ কৰে । দুৰ্যোগৰ সময়ত দেশৰ দুৰ্যোগ ব্যৱস্থাপনাই যিধৰণে কাম কৰিছে তাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বিগত বছৰবোৰত ভাৰতে বিকশিত কৰা দুৰ্যোগ ব্যৱস্থাপনাৰ শক্তি এক উদাহৰণ হৈ পৰিছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কচ্ছৰ জনসাধাৰণক সম্পূৰ্ণ সাহস আৰু প্ৰস্তুতিৰে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বাবে প্ৰশংসা কৰে । আৰৱ সাগৰত উৎপন্ন হোৱা আৰু ভাৰতৰ পশ্চিম উপকূলত প্ৰবাহিত হোৱা ঘূৰ্ণীবতাহ বিপৰ্যয়ে বৃহস্পতিবাৰে নিশা গুজৰাটৰ কচ্ছৰ জাখৌ বন্দৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰে খুন্দা মাৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ঘূৰ্ণীবতাহ বিপৰ্যয়ে কচ্ছত যি ধৰণে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল কিন্তু কচ্ছৰ লোকসকলে সম্পূৰ্ণ সাহস আৰু প্ৰস্তুতিৰে ইয়াৰ সন্মুখীন হৈছে । প্ৰধানমন্ত্ৰীগৰাকীৰ মতে আটাইতকৈ ডাঙৰ লক্ষ্যই নহওক বা আটাইতকৈ কঠিন প্ৰত্যাহ্বানে নহওক কিয় ভাৰতৰ জনসাধাৰণৰ সামূহিক শক্তিয়ে প্ৰতিটো প্ৰত্যাহ্বান সমাধান কৰিব ।

উল্লেখ্য যে, প্ৰতিটো মাহৰ শেষৰ দেওবাৰটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে । কিন্তু এইবাৰ এসপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীৰ মন কী বাতৰ ১০২ খণ্ড সম্প্ৰচাৰ কৰা হয় । ইয়াৰ কাৰণ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, সাধাৰণতে 'মন কী বাত' প্ৰতি মাহৰ শেষ দেওবাৰে ৰাইজৰ মাজলৈ আহে । কিন্তু এইবাৰ এসপ্তাহ পূৰ্বে আহিছে । অহা সপ্তাহত তেওঁ আমেৰিকা ভ্ৰমণ কৰিব আৰু তাত বিভিন্ন কাৰ্যসূচীত ব্যস্ত থাকিব । সেয়েহে তেওঁক শক্তি দিবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাত অনুষ্ঠান সম্বোধন কৰিছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :Manipur Violence : নিশা ইম্ফলত ভাৰতীয় সেনাৰ ফ্লেগ মাৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.