অসম

assam

Tarali Sarma in Morigaon: গুৰুজনাৰ আদৰ্শৰে শিল্পীসকলক আগবাঢ়ি যোৱাৰ আহ্বান তৰালী শৰ্মাৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:56 PM IST

গুৰুজনাৰ আদৰ্শৰে শিল্পীসকলক আগবাঢ়ি যোৱাৰ আহ্বান তৰালী শৰ্মাৰ

মৰিগাঁও, 29 অক্টোবৰ : যিসকল শিল্পী গুৰুজনাৰ আদৰ্শৰে আগবাঢ়ি যায় সেইসকল সফল হ'বই । দেওবাৰে মৰিগাঁও বিহুতলীৰ প্ৰয়াত অতুল চন্দ্ৰ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত এই মন্তব্য সংগীতশিল্পী তৰালী শৰ্মাৰ । উল্লেখ্য যে শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত প্ৰথম বাৰ্ষিক অংকীয়া নাট সমাৰোহৰ দেওবাৰে সফল সামৰণি হয় । সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক তথা জনপ্ৰিয় শিল্পী তৰালী শৰ্মাই উদ্বোধন কৰে গুৰুজনাৰ ৰচিত অংকীয়া নাট । 

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও শাখাৰ উদ্যোগত তিনিদিনীয়া নাট সমাৰোহ আয়োজন কৰি আধ্যাত্মিক পৰিৱেশ ৰচনা কৰাৰ বাবে সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা অংকীয়া নাট সমাৰোহৰ আদৰণি সমিতিৰ সভাপতি বাবুল বৰাক শলাগ লয় ।

আনহাতে উক্ত অনুষ্ঠানত পূব আঞ্চলিক শাখা দ্বাৰা প্ৰথম খনি ৰাম বিজয়, কুশতলী আঞ্চলিক শাখাৰ দ্বাৰা ৰুক্মিনী হৰণ আৰু মৰিগাঁও সদৰ আঞ্চলিক শাখাৰ দ্বাৰা দ্বিতীয়খন ৰাম বিজয় নাটক মঞ্চায়ন হয় । শেষৰ দিনা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিয়লি ভাগত অনুষ্ঠিত হয় আই মাতৃ কল্যাণ সমিতি বিশেষ সভা ।

লগতে পঢ়ক:Srimanta Sankaradev Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ লাইখুঁটা স্থাপনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details