ETV Bharat / state

Srimanta Sankaradev Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ লাইখুঁটা স্থাপনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 7:48 PM IST

preparation of rangia session of sankardeva sangha
preparation of rangia session of sankardeva sangha

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ লাইখুঁটা মৰানজানাৰ ভয়ৰাৰ হাতীখলা পথাৰত স্থাপন কৰা হ'ব । উক্ত অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ

ৰঙিয়া, ২৯অক্টোবৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠান আৰু মুকলি সভাৰ দিন ধাৰ্য কৰা হৈছে । এই কথা এক সংবাদমেল যোগে সদৰী কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । সংঘৰ পদাধিকাৰগৰাকীয়ে সদৰী কৰা অনুসৰি অহা ১৯ নৱেম্বৰত ৰঙিয়াৰ মৰানজানাৰ ভয়ৰাৰ হাতীখলা পথাৰত লাইখুঁটা স্থাপন অনুষ্ঠানৰ লগতে মুকলি সভাৰো আয়োজন কৰা হৈছে ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই উল্লেখ কৰা অনুসৰি লাইখুঁটা স্থাপনৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব । সেইদিনা পুৱা পৰিৱেশ নিকাকৰণ আৰু জিলা নামঘৰত প্ৰাতঃ প্ৰসংগ সম্পন্ন হোৱাৰ পাছত পুৱা ১০ বজাত লাইখুঁটা স্থাপন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । ইয়াৰ পাছত অনুষ্ঠিত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই ।

উক্ত মুকলি সভাত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, কমলা কান্ত গগৈ, মন্ত্রী জয়ন্তমল্ল বৰুৱা, বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্রমোদ বড়ো, উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল, সাংসদ ভুৱনেশ্বৰ কলিতা, দিলীপ শ‍ইকীয়া, পল্লৱলোচন দাস, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীসহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাধিক শীর্ষ বিষয়ববীয়া উপস্থিত থাকিব ।

মূল অধিৱেশনৰ বাবে আদৰণি সমিতিয়ে প্রায় ১০ হাজাৰ ভকত-বৈষ্ণৱ বহিব পৰা বিশাল আকাৰৰ মণ্ডপ সাজিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও তেওঁ কয় । তেওঁ পুনৰ কয় যে একেলগে ১০ হাজাৰ ভকত-বৈষ্ণৱে বহি অন্ন গ্ৰহণ কৰিব পৰাকৈ ভোজানালয় নিৰ্মাণ কৰা হ'ব । বিভিন্ন নিৰ্মাণ কাৰ্যৰ বাবে ইতিমধ্যে আদৰণি সমিতিয়ে নিবিদা আহ্বান কৰিছে । নিবিদা জমা দিয়াৰ অন্তিম তাৰিখ ২২ নবেম্বৰ ধাৰ্য কৰা হৈছে আৰু নিবিদাসমূহ ২৪ নবেম্বৰত মুকলি কৰা হ'ব বুলি উল্লেখ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ।

তেওঁ এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে আদৰণি সমিতিৰ সম্পাদক ড৹ হিতেন্দ্ৰ নাথ ডেকাৰ (7635895870) সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:ULFA I killed cadre: কিয় হত্যা কৰা হ’ল বিভাকৰক ? পৰেশ বৰুৱাক উত্তৰ বিচাৰিলে মৃত যুৱকৰ পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.